ইয়ো 19:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে সেইবোৰ চিৰকালৰ বাবে শিলত লিখা! |
এই পাথৰবোৰ ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম অনুসাৰে স্থিৰ কৰা হ’ব। মোহৰত খোদিত কৰাৰ দৰেই তেওঁলোকৰ নাম প্ৰত্যেক পাথৰত বাৰ ফৈদ অনুসাৰে ক্ষোদিত কৰা হ’ব লাগিব।
সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনীও ঈশ্বৰে নিজে লিখা আছিল।
যিহূদাৰ পাপ লোহাৰ লিখনী আৰু হীৰাৰ কাঁইটেৰে লিখা হৈছে। তাক তেওঁলোকৰ হৃদয়ৰূপ ফলিত আৰু তোমালোকৰ যজ্ঞ-বেদিৰ শিঙাত কটা হৈছে।