ইয়ো 19:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে; আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে। |
ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়; যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে।
তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে; তেওঁ মোলৈ দাঁত কৰচিলে; মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে;
হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নে? কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?
শত্ৰুৰ নিচিনাকৈ তেওঁৰ নিজৰ ধনু আমাৰ দিশে ভাঁজ কৰিলে। তেওঁ যুদ্ধত থকা শত্রুৰ দৰে, আমালৈ মাৰি পঠিয়াবৰ বাবে নিজ হাতক সাজু কৰালে। তেওঁৰ দৃষ্টিত তৃপ্তিজনক সকলোকে বধ কৰিলে। চিয়োন-জিয়াৰীৰ তম্বুৰ ওপৰত তেওঁ নিজৰ ক্ৰোধ অগ্নিৰ দৰে বৰষালে।
প্ৰভুৱে শত্ৰু যেন হ’ল। তেওঁ ইস্ৰায়েলক গ্ৰাস কৰিলে। তেওঁ ইস্ৰায়েলৰ আটাই ৰাজ-অট্ৰালিকাবোৰ গ্ৰাস কৰিলে; আৰু তাৰ দুৰ্গবোৰ ধংস কৰিলে। তেওঁ যিহূদা-জীয়াৰীৰ মাজত শোক আৰু বিলাপ বঢ়ালে।
কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে, চিয়োলৰ গভীৰতালৈকে পুৰিছে, ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে, পৰ্ব্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে।