12 তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে, আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে।
ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়; যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে।
ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে, আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে।
তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে; ঈশ্বৰে মোৰ বৃক্ক বিদাৰিলে আৰু মোক অতিৰিক্ত নকৰিলে, তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে।
মোৰ সোঁফালে নীহ লোকবিলাক উঠে; সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে, আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে।
কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
মই তোমালোকৰ উৎপীড়ক জনৰ হাতত তাক দিম; যিসকলে তোমালোকক কৈছিল, ‘উবুৰি হৈ পৰা, যাতে আমি তোমালোকৰ ওপৰেৰে যাব পাৰোঁ,’ আৰু তেওঁলোকে খোজ কাঢ়িব পৰাকৈ তোমালোকৰ পিঠি মাটিৰ দৰে আৰু বাটৰ দৰে কৰা।” আলি স্বৰূপে তোমাৰ পিঠি পাতি দিলা।