চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।
ইয়ো 17:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেনেহ’লে মোৰ আশা ক’ত? আৰু মোৰ আশাক নো কোনে দেখা পাব? |
চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।
পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া।
তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো; তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে,
ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়? আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?
মই কৈছিলোঁ যে, মোৰ জীৱনৰ আধা ভাগত মই চিয়োলৰ দুৱাৰৰ মাজেৰে যাম; মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ বাবে মোক তালৈ পঠোৱা হৈছে।”
আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’