অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




ইয়ো 1:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।”

অধ্যায়টো চাওক



ইয়ো 1:8
29 পৰস্পৰ সংযোগসমূহ  

তেওঁ তেওঁৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে মোচিৰ বিধান অনুসাৰে যিহোৱাৰ পথত চলিছিল। তেওঁৰ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল।


কিন্তু পূৰ্বতে থকা দেশাধ্যক্ষসকল যিসকল মোৰ আগতে আছিল, তেওঁলোকে লোকসকলৰ ওপৰত গধুৰ বোজা দিছিল, আৰু তেওঁলোকৰ দৈনিক খোৱা বস্তু আৰু দ্ৰাক্ষাৰস বাবে লোকসকলৰ পৰা তেওঁলোকে চল্লিশ চেকল ৰূপ লৈছিল। তাৰ উপৰিও তেওঁলোকৰ দাস সকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। কিন্তু মই সেইদৰে কৰা নাই, কাৰণ মই ঈশ্বৰলৈ ভয় কৰোঁ।


উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল।


ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যি মই, ময়েই বন্ধুৰ হাঁহিয়াতৰ পাত্ৰ হৈছোঁ; ধাৰ্মিক সিদ্ধ পুৰুষ জন হাঁহিয়াতৰ পাত্ৰ হৈছে।


আকৌ এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হ’বলৈ উপস্থিত হ’ল।


তেতিয়া যিহোৱাই চয়তানক সুধিলে, “মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই; যদিও তুমি অকাৰণে তেওঁৰ সৰ্ব্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি আছে।”


যদি তেওঁ নিজেই নিজতেই মন দি থাকে, যদি নিজে দিয়া আত্মা আৰু নিশ্বাস নিজলৈ চপাই নিয়ে,


চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।


তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ, পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ।


তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা,; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।


পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়; দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই।


তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা; তুমি চিৰকাল জীয়াই থাকিবা।


কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।


মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।


যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।


নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,


সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ; মোৰ মনোনীত লোকত, মোৰ আত্মাই সন্তুষ্ট হৈছে; মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ; তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব।


পাছে সেই পুৰুষে মোক ক’লে, “হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা আৰু মই তোমাক যি যি দেখুৱাম, সেই সকলোলৈ মন দিয়া; কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম, এই অভিপ্ৰায়েৰেহে তোমাক ইয়ালৈ অনা হ’ল; তুমি যি যি দেখিবা, সেই সকলোকে ইস্ৰায়েল বংশক জনাবা।


পৃথিৱীত থকা লোকসকলৰ মাজত মোচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।


যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি, তেওঁৰ বিষয়ে ক’লে, “এওঁক চোৱা, এজন প্রকৃত ইস্ৰায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!”


“মোৰ দাস মোচিৰ মৃত্যু হ’ল; এতেকে তুমি এতিয়া উঠা আৰু এই লোকসকলৰ সৈতে, মই যি দেশ ইস্ৰায়েলৰ সন্তানসকলক দিছোঁ, সেই দেশলৈ যৰ্দ্দন নদী পাৰ হৈ যোৱা।


মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা।