Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ইয়ো 1:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰিলোঁ, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।”

অধ্যায়টো চাওক কপি কৰক




ইয়ো 1:7
9 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত তেওঁ ভিতৰলৈ গৈ নিজৰ প্ৰভুৰ সন্মুখত থিয় হ’ল। তেতিয়া ইলীচাই তেওঁক সুধিলে, “গেহজী, তুমি ক’ৰ পৰা আহিলা?” তেওঁ উত্তৰ দিলে, “আপোনাৰ দাস ক’লৈকো যোৱা নাই।”


তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰি আহিলোঁ আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।


আৰু বলীবোৰে ওলাই গৈ, পৃথিৱীত ইফালে সিফালে ফুৰিবৰ বাবে অনুমতি খুজিলে, তেতিয়া দূতে ক’লে, “যোৱা পৃথিৱীত ইফালে সিফালে ফুৰাগৈ!” তেতিয়া সেইবোৰে পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ ধৰিলে।


যেতিয়া কোনো অশুচি আত্মা কোনো মানুহৰ পৰা বাহিৰ ওলায়, তেতিয়া সি জিৰণি বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘুৰি ফুৰে। কিন্তু সি যেতিয়া সেই ঠাই নাপায়;


সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।


সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।


তেতিয়া সি ওলাই আহি, পৃথিৱীৰ চাৰি চুকত থকা গোগ আৰু মাগোগ জাতি সকলক ভুলাই, সৈন্যৰ দল যোগাৰ কৰি, ৰণলৈ গোট খুৱাব। তেওঁলোকৰ সংখ্যা সাগৰৰ বালিৰ সমান হব৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন