ইব্ৰী 13:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়। |
তেতিয়া ধাৰ্মিকতাৰ বলি উৎসর্গ, হোমবলি উৎসর্গ আৰু পূৰ্ণাহুতি হোমবলি উৎসর্গত তুমি আনন্দিত হ’বা। তাৰ পাছত তোমাৰ যজ্ঞবেদীৰ ওপৰত লোকসকলে দামুৰি উৎসৰ্গ কৰিব।
যীচুৱে এই কথা শুনি তেওঁক ক’লে, “এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহা৷”
সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা শক্তি আৰু মহিমাৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷
আৰু যাক ভাষাত দৰ্কা অৰ্থাৎ হৰিণী বুলি মাতে, দান দিয়া আৰু সৎকৰ্মেৰে পূৰ্ণ হৈ থকা টাবিথা নামৰ শিষ্যা এজনী যাফোত আছিল৷
এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক।
সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে৷ মই সম্পূর্ণ হ’লো৷ মই ইপাফ্ৰদীতৰ দ্ৱাৰাই আপোনালোকৰ পৰা উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷
সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
তেওঁলোকক ভাল কর্ম কৰিবলৈ; ভাল কর্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই লবলৈকো ইচ্ছুক হবলৈ কোৱা উচিত।
তোমাৰ বিশ্বাসৰ সহভাগিতা যেন আমাৰ লগত থকা সকলো উত্তম বিষয়ৰ জ্ঞানত খ্ৰীষ্টৰ অৰ্থে কাৰ্যসাধক হয়, এনে প্ৰাৰ্থনা কৰোঁ।
কিয়নো ঈশ্বৰ এনে অন্যায় বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।
হে প্ৰিয়, আপুনি দুষ্কৰ্মৰ অনুকাৰী নহব, কিন্তু সৎ কৰ্মৰ অনুকাৰী হওক। যি জনে সৎ কৰ্ম কৰে, তেওঁ ঈশ্বৰৰ হয়; যি জনে দুষ্কৰ্ম কৰে, তেওঁ ঈশ্বৰক দেখাই নাই।