Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গীত 51:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 তেতিয়া ধাৰ্মিকতাৰ বলি উৎসর্গ, হোমবলি উৎসর্গ আৰু পূৰ্ণাহুতি হোমবলি উৎসর্গত তুমি আনন্দিত হ’বা। তাৰ পাছত তোমাৰ যজ্ঞবেদীৰ ওপৰত লোকসকলে দামুৰি উৎসৰ্গ কৰিব।

অধ্যায়টো চাওক কপি কৰক




গীত 51:19
10 পৰস্পৰ সংযোগসমূহ  

তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।


তেওঁ ৰূপ পৰিস্কাৰ আৰু বিশুদ্ধ কৰা লোকৰ দৰে বিচাৰ কৰিবলৈ বহিব। তেওঁ লেবীৰ সন্তান সকলক শুচি কৰিব; সোণ আৰু ৰূপৰ দৰে তেওঁলোকক বিশুদ্ধ কৰিব। পাছত তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে ধাৰ্মিকতাৰ নৈবেদ্য উৎসৰ্গ কৰিব।


খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।


এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।


যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে; তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা।


তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।


ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।


এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।


মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন