পাছত যেতিয়া সন্ধ্যাবেলাৰ শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু তেওঁৰ স্ত্রীয়ে বাৰীৰ মাজত ঈশ্বৰ যিহোৱাৰ খোজৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ’বলৈ গছবোৰৰ মাজত লুকালগৈ।
আমো 9:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে কৰ্মিল পাহাৰৰ চূড়াত নিজকে লুকুৱাই ৰাখিলেও, তাৰ পৰা মই তেওঁলোকক বিচাৰি উলিয়াই ধৰি আনিম; তেওঁলোকে মোৰ দৃষ্টিৰ পৰা সাগৰৰ তলত গৈ লুকালেও, সেই ঠাইত তেওঁলোকক দংশন কৰিবলৈ মই নাগক আজ্ঞা দিম, তাতে সি তেওঁলোকক দংশন কৰিব। |
পাছত যেতিয়া সন্ধ্যাবেলাৰ শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু তেওঁৰ স্ত্রীয়ে বাৰীৰ মাজত ঈশ্বৰ যিহোৱাৰ খোজৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ’বলৈ গছবোৰৰ মাজত লুকালগৈ।
যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।”
সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।
চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব।
আমোচে ক’লে, “যিহোৱাই চিয়োনৰ পৰা গৰ্জন কৰিছে, আৰু যিৰূচালেমৰ পৰা উচ্চস্বৰে কথা কৈছে। মেৰ-ছাগ ৰখীয়াবোৰৰ চৰণীয়া ঠাইবোৰৰ শোক হ’ব আৰু কৰ্মিল পর্বতৰ চূড়া শুকাই গৈছে।”