Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আমো 9:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 তেওঁলোকে চিয়োলৰ গভীৰ পর্যন্তলৈ গাত খান্দি গ’লেও, মোৰ হাতে তাৰ পৰা তেওঁলোকক উলিয়াই আনিব। তেওঁলোকে আকাশ পর্যন্ত উঠিলেও, তাৰ পৰা মই তেওঁলোকক নমাই আনিম।

অধ্যায়টো চাওক কপি কৰক




আমো 9:2
15 পৰস্পৰ সংযোগসমূহ  

যদি দুষ্টলোকৰ মাহাত্ম্যই আকাশ পায়গৈ, আৰু তাৰ মুৰ মেঘত লাগে,


তুমি কৈছা, “ঈশ্বৰে কি জানে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে?


তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত, সিহঁত অতি শান্তিৰে থাকে; আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে।


তেওঁৰ আগত চিয়োল অনাবৃত, আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই।


য’ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে, এনেকুৱা অন্ধকাৰ কি মৃত্যুছায়া নাই।


যিহোৱাৰ ভয়, আৰু তেওঁৰ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা বাচিবলৈ, লোকসকল শিলৰ গুহাত আৰু মাটিৰ গাতত সোমাব।


হে শিলৰ খোৰোঙত বাস কৰা জন, হে পৰ্ব্বতৰ উচ্ছস্থানত থকা জন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ’লে, তোমাৰ মনৰ অহঙ্কাৰে তোমাক প্ৰবঞ্চনা কৰিলে; যিহোৱাই কৈছে, তুমি কুৰৰ পখীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও, মই তাৰ পৰা তোমাক নমাই আনিম।


যিহোৱাই কৈছে, বাবিল যদিও আকাশলৈকে উন্নত হয়, আৰু তাৰ ওখ কোঁঠবোৰ দৃঢ় কৰে, তথাপি মোৰ পৰা তাৰ ওপৰলৈ বিনাশকবিলাক যাব।


তেতিয়া তুমি বাসস্থান নহ’বৰ বাবে, মই তোমাক গাতলৈ নমাসকলৰ সৈতে আগৰ কালৰ লোকসকলৰ ওচৰলৈ নমাম আৰু পৃথিৱীৰ তল ভাগত, আগৰ কালৰ পৰা উচ্ছন্ন হোৱা ঠাইবোৰত, গাতলৈ নামিব লগাবোৰৰ লগত বাস কৰাম, আৰু মই জীৱিত লোকৰ দেশত গৌৰৱ স্থাপন কৰিম।


জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”


যিহোৱাই কৈছে, তুমি ঈগল পক্ষীৰ দৰে ওপৰলৈ উৰিলেও, আৰু তোমাৰ বাহ তৰাবোৰৰ মাজত স্থাপিত হ’লেও, মই তাৰ পৰা তোমাক নমাই আনিম।


যীচুৱে তেওঁলোকক ক’লে, “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন