এতিয়া চাওঁক, সেই অম্মোনৰ আৰু মোৱাবৰ সন্তান সকল আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকসকলে যেতিয়া মিচৰ দেশৰ পৰা ওলাই অাহিছিল তেতিয়া আপুনি তেওঁলোকৰ দেশত ইস্ৰায়েলক সোমাবলৈ নিদিলে; তেতিয়া ইস্ৰায়েলে তেওঁলোকৰ পৰা এফলীয়া হ’ল আৰু তেওঁলোকক বিনষ্ট নকৰিলে৷
আমো 1:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাই এই কথা কৈছে: “ইদোমৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সকলো দয়া-মমতা ত্যাগ কৰি ইদোমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে; তেওঁলোকৰ ভয়ঙ্কৰ ক্ৰোধ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল। |
এতিয়া চাওঁক, সেই অম্মোনৰ আৰু মোৱাবৰ সন্তান সকল আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকসকলে যেতিয়া মিচৰ দেশৰ পৰা ওলাই অাহিছিল তেতিয়া আপুনি তেওঁলোকৰ দেশত ইস্ৰায়েলক সোমাবলৈ নিদিলে; তেতিয়া ইস্ৰায়েলে তেওঁলোকৰ পৰা এফলীয়া হ’ল আৰু তেওঁলোকক বিনষ্ট নকৰিলে৷
এতিয়া চাওঁক, তেওঁলোকে উপকাৰৰ সলনি আমাৰ কেনে অপকাৰ কৰিছে; আপুনি যি উত্তৰাধীকাৰ আমাক দিলে, আপোনাৰ সেই উত্তৰাধিকাৰৰ পৰা তেওঁলোকে আমাক খেদাই দিবলৈ আহিছে৷
হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা। তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”
তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?
কাৰণ মই সদায় অভিযোগ নকৰিম, নাইবা চিৰকাললৈকে মই ক্ৰোধ কৰি নাথাকিম; কিয়নো তেনে কৰিলে, মই নিৰ্মাণ কৰা জীৱন, মানুহৰ আত্মা মোৰ আগত মূৰ্চ্ছিত হ’ব।
কিন্তু যি উত্তম, ইস্রায়েলে তাক অগ্রাহ্য কৰিলে; সেয়ে শত্ৰুৱে তেওঁৰ পাছে পাছে খেদি যাব।
যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব, আৰু ইদোম ধ্বংস-অৰণ্য হ’ব, কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
পাপ ক্ষমা কৰা, আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখুৱাবলৈ ভাল পায়।
আৰু নিশ্চিন্তে থকা জাতি সমূহৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছোঁ; কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত, তেওঁলোক অমঙ্গলৰ অৰ্থে সাহায্য কৰোঁতা হ’ল।”
যিহোৱাই কৈছে, “মই তোমালোকক প্ৰেম কৰিলোঁ,” কিন্তু তোমালোকে কোৱা, “আপুনি আমাক কেনেকৈ প্ৰেম কৰিলে?” যিহোৱাই কৈছে, “এচৌ জানো যাকোবৰ ককায়েক নাছিল?
যদিও ইদোমে কৈছে, “আমাক চূর্ণ-বিচূর্ণ কৰা হ’ল; কিন্তু আমি ধ্বংসস্থানবোৰ পুনৰায় সাজিম;” সেয়ে, বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোকে সাজিব পাৰে, কিন্তু মই ভাঙি পেলাম; লোক সকলে তেওঁলোকক ‘দুষ্টতাৰ দেশ’ আৰু ‘যিহোৱাই চিৰকাল ক্ৰোধ কৰা জাতি বুলি’ ক’ব।
কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল।