Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 বংশা 28:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 কিয়নো ইদোমীয়াসকলে পুনৰ আহি যিহূদাক পৰাজয় কৰি অনেক লোকক বন্দী কৰি লৈ গৈছিল।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 28:17
9 পৰস্পৰ সংযোগসমূহ  

ইদোম আজিও যিহূদাৰ বিৰুদ্ধে বিদ্রোহী হৈ আছে। সেই একে সময়তে লিব্‌নায়ো বিদ্ৰোহ কৰিছিল।


তেওঁৰ ৰাজত্বৰ সময়ত ইদোমীয়া লোকসকলে যিহূদাৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি নিজৰ ওপৰত এজন ৰজা পাতি লৈছিল।


এই কাৰণে আমাৰ পিতৃসকল তৰোৱালৰ আঘাতত পতিত হ’ল, আৰু আমাৰ পো, জী আৰু ভাৰ্য্যাসকলক এই কাৰণেই বন্দী কৰি নিয়া হ’ল।


প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।”


আৰু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া তেন্তে মই তোমালোকৰ পাপৰ কাৰণে তোমালোকক আৰু সাতগুণ দণ্ড দিম।


যিহোৱাই এই কথা কৈছে: “ইদোমৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সকলো দয়া-মমতা ত্যাগ কৰি ইদোমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে; তেওঁলোকৰ ভয়ঙ্কৰ ক্ৰোধ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল।


তোমাৰ ভাই যাকোবক কৰা অত্যাচাৰৰ বাবে তুমি লাজত পৰিবা, আৰু তুমি সৰ্বকালৰ বাবে উচ্ছন্ন হবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন