এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
আদি 8:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পৃথিৱীত ঘূৰি-ফুৰা সকলো জীৱিত প্রাণী, সকলো বগাই ফুৰা জীৱ, পশু-পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল। |
এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল।
তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।
যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ।