Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 1:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল।

অধ্যায়টো চাওক কপি কৰক




আদি 1:24
15 পৰস্পৰ সংযোগসমূহ  

ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়।


বিধে বিধে চৰাই, বিধে বিধে পশু, আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা।


পৃথিৱীত ঘূৰি-ফুৰা সকলো জীৱিত প্রাণী, সকলো বগাই ফুৰা জীৱ, পশু-পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল।


হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ, আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা!


বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে? কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?


তেওঁলোকৰ লগত বিধে বিধে সকলো বনৰীয়া পশু আৰু ঘৰচীয়া পশু, বিধে বিধে মাটিত বগাই ফুৰা সকলো প্ৰাণী আৰু সকলো বিধ চৰাই চিৰিকটিও উঠিল।


মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে।


ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।


ঘোঁৰাক জানো তুমি বল দিলা? লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?


মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে? তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?


তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা? হৰিণীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ ক’ব পাৰা?


গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল।


ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন