অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




আদি 49:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।

অধ্যায়টো চাওক



আদি 49:28
16 পৰস্পৰ সংযোগসমূহ  

ইস্ৰায়েলে সেই দেশত নিবাস কৰা সময়ত ৰূবেণে তেওঁৰ বাপেকৰ উপপত্নী বিলহাৰ লগতে শয়ন কৰিলে; সেই কথা ইস্ৰায়েলৰ কাণত পৰিল। যাকোবৰ পুত্ৰ আছিল বাৰজন।


বিন্যামীন পশু ছিৰি পেলাব পৰা ৰাংকুকুৰ। ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।”


পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।


“তোমাৰ নাম ইস্ৰায়েল হ’ব”, এই বুলি যি যাকোবৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিছিল, তেওঁৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে এলিয়াই বাৰটা শিল ল’লে।


এই পত্রত প্রত্যেক নগৰত থকা যিহুদী লোক সকলক ৰজা অহচবেৰোচে একলগ হৈ সমবেত হবলৈ; আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে স্থিৰ হৈ থাকিবলৈ আদেশ দিছিল। যি কোনো লোক বা প্ৰদেশৰ পৰা অস্ত্রধাৰী দলে তেওঁলোকক আক্ৰমণ কৰিলে, ইহুদী লোকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু মহিলা সকলৰ সৈতে তেওঁলোকক ধ্বংস, বধ আৰু বিনষ্ট কৰিব পাৰিব; আৰু তেওঁলোকৰ সম্পত্তি লুট কৰিব পাৰিব। এই বুলি সেই পত্ৰত ৰজাই প্ৰত্যেক নগৰত থকা ইহুদী লোক সকলক অনুমতি দিছিল।


তেতিয়া ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ক ক’লে, “চোৱা, মই ইষ্টেৰক হামনৰ সা-সম্পত্তি দিলোঁ, আৰু হামনক ফাঁচি কাঠত ফাঁচিও দিয়া হ’ল, কাৰণ সি ইহুদী লোকসকলক বিনাশ কৰিবলৈ ইচ্ছা কৰিছিল।


তাৰ পাছত তৃতীয় মাহৰ তেইশ দিনৰ দিনা ৰাজ লিখক সকলক মতা হৈছিল। মৰ্দখয়ে যিহুদী লোকসকলৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ সকলো ক্ষমতাৰে আজ্ঞা পত্র লিখিবলৈ দিছিল। ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশ, প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে প্রদেশৰ দেশাধ্যক্ষ আৰু কৰ্মচাৰী সকললৈ; আৰু প্রত্যেক প্রদেশ অনুসাৰে তেওঁলোকৰ নিজৰ আখৰ আৰু প্রত্যেক লোকৰ ভাষা অনুসাৰে তেওঁলোকৰ নিজৰ ভাষাৰে আজ্ঞা পত্ৰ লিখা হৈছিল। ইহুদী লোকসকললৈ তেওঁলোকৰ নিজৰ আখৰ আৰু ভাষাৰে লিখা হৈছিল।


এই পাথৰবোৰ ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম অনুসাৰে স্থিৰ কৰা হ’ব। মোহৰত খোদিত কৰাৰ দৰেই তেওঁলোকৰ নাম প্ৰত্যেক পাথৰত বাৰ ফৈদ অনুসাৰে ক্ষোদিত কৰা হ’ব লাগিব।


চোৱা, সেই লোক সমূহ সিংহীৰ দৰে উঠিছে, সিংহৰ দৰে নিজৰ গা দাঙিছে; তেওঁ ধৰা পশু নাখায়মানে নুশুব, আৰু বধ কৰা লোকৰ তেজ পান নকৰেমানে শয়ন নকৰিব।”


সেই প্ৰতিজ্ঞাৰ ফল পাবলৈ আমাৰ বাৰটা জাতিয়ে, ৰাতিয়ে-দিনে উৎসাহেৰে আৰাধনা কৰি, আশা কৰি আছে। সেই আশাৰ কাৰণে, হে মহাৰাজ, ইহুদী সকলে মোক অপবাদ দিছে ৷


তাৰ পাছত ঈশ্বৰৰ লোক মোচিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইস্ৰায়েলীয়া সন্তান সকলক আশীৰ্ব্বাদ কৰিলে।


মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ।


পাছত সেই ছাব মৰা সকলৰ সংখ্যা শুনিলো: ইস্ৰায়েলৰ সকলো ফৈদৰ মুঠে এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হ’ল: