Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 49:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।

অধ্যায়টো চাওক কপি কৰক




আদি 49:29
16 পৰস্পৰ সংযোগসমূহ  

তেওঁৰ পুত্ৰসকলে তেওঁক কনান দেশলৈ লৈ গ’ল আৰু মম্ৰিৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ যি গুহা আছিল, তাতে মৈদাম দিলে। অব্ৰাহামে পথাৰে সৈতে সেই গুহা মৈদাম দিবৰ বাবে কিনিছিল। তেওঁ হিত্তীয়া ইফ্রোণৰ পৰা সেই ঠাই কিনি লৈছিল।


কাৰণ মই মোৰ পূর্বপুৰুষসকলৰ মৈদামৰ মাজত সমাধিস্থ হ’ব বিচাৰো। তুমি মোৰ মৃতদেহ মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ গৈ আমাৰ পূর্বপুৰুষসকলক যি ঠাইত মৈদাম দিয়া হৈছিল, সেই ঠাইতে মোকো মৈদাম দিবা।” যোচেফে তেওঁক ক’লে, “আপুনি কোৱাৰ দৰেই মই কৰিম।”


কিন্তু তুমি শান্তিৰে তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ যাবা; অতি বৃদ্ধ অৱস্থাত তোমাক মৈদাম দিয়া হ’ব।


স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,


কিন্তু মিনতি কৰোঁ, আপোনাৰ এই দাসক ঘৰলৈ উলটি যাবলৈ দিয়ক, যাতে মই নিজ নগৰত, নিজ পিতৃ-মাতৃৰ মৈদামৰ কাষতেই মৰিম। কিন্তু চাওক, এয়া আপোনাৰ দাস কিমহম৷ ইয়াক মোৰ প্ৰভু মহাৰাজৰ লগত পাৰ হৈ যাবলৈ দিয়ক আৰু আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি ইয়ালৈ তাকেই কৰক।”


ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।


পাছত অব্ৰাহামে ইফ্রোণৰ কথাত মান্তি হৈ, হেতৰ সন্তান সকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই চাৰি শ চেকল ৰূপ বণীয়াহঁতৰ দ্বাৰাই জুখি তেওঁক দিলে।


মম্ৰিৰ সন্মুখত মকপেলাত ইফ্রোণৰ যি পথাৰ আছিল, সেই পথাৰ আৰু তাত থকা গুহা আৰু সেই পথাৰৰ আটাইবোৰ গছ, তাৰ চাৰিও সীমাৰ ভিতৰত থকা গছ, এই সকলোতে,


এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।


এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।


পথাৰৰ মুৰত যিটো মকপেলাৰ গুহা আছে সেইটো মই কিনিবলৈ বিছাৰো, ইফ্রোণ সেই গুহাৰ গৰাকী সেয়ে যি মূল্য হয় সকলো মই পৰিশোধ কৰিম। মই বিছাৰো মোৰ পত্নীৰ মৈদামৰ বাবে যে এই ঠাই কিনি লৈছোঁ তাৰ সাক্ষী আপোনালোক হ’ব।”


এই দৰে মৈদামৰ ঠাই অধিকাৰৰ অৰ্থে, সেই পথাৰ আৰু তাত থকা গুহাত, হেতৰ সন্তান সকলৰ দ্বাৰাই অব্ৰাহামৰ স্বত্বাধিকাৰ স্থিৰ কৰা হ’ল।


শেষত যাকোব কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণৰ ওচৰৰ মম্ৰি নগৰত তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ আহিল। এই ঠাইতে অব্ৰাহাম আৰু ইচহাকে বাস কৰিছিল।


পাছত যাকোবে নিজৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন