আদি 45:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে তেওঁক ক’লে, “যোচেফ এতিয়াও জীয়াই আছে, আৰু সিয়েই গোটেই মিচৰ দেশৰ শাসনকৰ্তা।” যাকোবে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ স্তম্ভিত হৈ পৰিল; কিয়নো পুত্রসকলৰ কথাষাৰ তেওঁৰ বিশ্বাসেই হোৱা নাছিল। |
তেওঁৰ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক শান্তনা দিবলৈ ধৰিলে; কিন্তু তেওঁ কোনো শান্তনাই নুশুনিলে। তেওঁ ক’লে, “শোক কৰিয়েই মই চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে।
কনান দেশলৈ উলটি গৈ তেওঁলোকে তেওঁলোকৰ বাপেক যাকোবক তেওঁলোকলৈ যি যি ঘটিল সেই সকলোকে জনাই ক’লে,
তেওঁলোকৰ পিতৃ যাকোবে তেওঁলোকক ক’লে, “তোমালোকে মোক সন্তানহাৰা কৰিছা। যোচেফ গ’ল, চিমিয়োনও নাই আৰু এতিয়া বিন্যামীনকো তোমালোকে লৈ যাব খুজিছা; এই সকলোবোৰ দুখ-কষ্ট মোৰ অহিতেই হৈছে।”
তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।”
তাৰে এটি মোৰ পৰা ওলাই গ’ল আৰু মই কলোঁ, ‘নিশ্চয় কোনো জন্তুৱে তাক ডোখৰ ডোখৰ কৰি ছিৰাছিৰ কৰিলে; তাৰ পাছৰ পৰাই মই তাক পুনৰ দেখা নাপালোঁ;
ইস্ৰায়েলে যোচেফক ক’লে, “মই ভাবিছিলোঁ তোমাৰ মুখকেই দেখিবলৈ নাপাম; কিন্তু চোৱা, ঈশ্বৰে মোক তোমাৰ সন্তানকো দেখুৱালে।”
সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে।
যদিও মই মাতো আৰু তেওঁ মোক উত্তৰ দিয়ে; তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব, মোৰ এনে বিশ্বাস নজন্মে।
যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে, তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।
মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ’ল, মই যিহোৱাক সোঁৱৰণ কৰিলোঁ আৰু মোৰ প্ৰাৰ্থনা আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ’ল।
কিন্তু পাঁচনি সকলৰ দৃষ্টিত সেইবোৰ অনর্থক কথা যেন লগাত, তেওঁলোকে তিৰোতা সকলক অবিশ্বাস কৰিলে।
কিন্তু তেওঁলোক আনন্দিত হ’লেও, তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে, যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ কিবা খোৱা বস্তু আছে নে?”