আদি 38:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু ওননে জানিছিল যে, সেই বংশ তেওঁৰ নিজৰ নহ’ব। সেয়ে ককায়েকৰ হৈ বংশ ৰক্ষা নকৰাৰ উদ্দেশ্যেৰে বৌৱেকৰ লগত শয়ন কৰা কালত তেওঁ মাটিতে বীৰ্য্যপাত কৰিলে। |
যদি ককাই-ভাইসকল একেলগে থাকে আৰু তেওঁলোকৰ মাজৰ এজন ভাই পুত্রহীন হৈ মৰে, তেন্তে সেই মৃতকৰ ভাৰ্য্যাই বাহিৰৰ আন পুৰুষক বিয়া কৰিব নোৱাৰিব; দেওৰেক বা বৰ-জনাই তাইক বিয়া কৰি কৰিব আৰু তাইৰ প্রতি দেওৰেক বা বৰ-জনাৰ কৰিবলগীয়া কর্তব্য পালন কৰিব।
পাছত সেই মহিলাৰ ঔৰসত যি প্ৰথম সন্তান জন্ম হ’ব, তেওঁ সেই মৃত ভাইৰ নাম ৰক্ষা হ’ব আৰু সেই মৃত ভাইৰ নাম ইস্ৰায়েলৰ মাজৰ পৰা লুপ্ত হৈ নাযাব।
কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।
কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব।
অথবা ধৰ্মশাস্ত্ৰৰ বচনে অনৰ্থকৰূপে কয় বুলি আপোনালোকে ভাবিছে নে? যি আত্মা তেওঁ আমাত নিবাস কৰাইছিল, সেই আত্মাই ঈৰ্ষালৈ অতিশয় হাবিয়াহ কৰে নে?
তেতিয়া নয়মীয়ে ক’লে, “হে মোৰ আইটিহঁত উভটি যোৱা; তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ’বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম?
আপোনাৰ ভাইসকলৰ মাজৰ পৰা আৰু আপুনি বাস কৰা ঠাইৰ পৰা সেই মৃত লোকৰ নাম যেন লুপ্ত নহয়, সেইবাবে মৃতলোকৰ অধিকাৰত তেওঁৰ নাম ৰাখিবৰ অৰ্থে মই নিজ ভাৰ্য্যাস্বৰূপে মহলোনৰ ভাৰ্যা মোৱাবীয়া ৰূথকো কিনিলোঁ; আজি আপোনালোকে সকলোৱে ইয়াৰ সাক্ষী হৈ ৰ’ল।”