16 কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম থাকে।
এইবাবেই সেই ঠাইৰ নাম বাবিল ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।
কিন্তু ওননে জানিছিল যে, সেই বংশ তেওঁৰ নিজৰ নহ’ব। সেয়ে ককায়েকৰ হৈ বংশ ৰক্ষা নকৰাৰ উদ্দেশ্যেৰে বৌৱেকৰ লগত শয়ন কৰা কালত তেওঁ মাটিতে বীৰ্য্যপাত কৰিলে।
আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেনেহলে সেই ঘৰ এক হৈ থাকিব নোৱাৰে।
তেতিয়া গোটেই নগৰত হুলস্থুল লাগিল৷ পৌলৰ লগত ফুৰা মাকিদনিয়াৰ গায় আৰু আৰিষ্টাৰ্খ নামৰ লোক দুজনক তেওঁলোকে ধৰি নি একে মনেৰে মঞ্চলৈ উঠি গ’ল।
কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব;
কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,
কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰে নে?
কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;
মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা,
কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব।
আপোনালোক কয়িনৰ নিচিনা নহব। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ চয়তানৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে। তেওঁ কি কাৰণে নিজ ভাইক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।