দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে।”
আদি 37:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ৰূবেণে তেওঁলোকক ক’লে, “ৰক্তপাত নকৰোঁ। তেওঁৰ শৰীৰত হাত নুতুলাকৈয়ে বৰং তেওঁক এই মৰুপ্রান্তৰৰ এটা গাতত পেলাই দিয়া”- পাছত যোচেফক তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰি যেন পিতৃৰ ওচৰলৈ আনি ঘূৰাই দিব এই মনেৰে তেওঁ এই কথা ক’লে। |
দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে।”
কিন্তু ৰূবেণে সেই কথা শুনি তেওঁলোকৰ হাতৰ পৰা তেওঁক ৰক্ষা কৰি ক’লে, “নহয়, আমি তাৰ প্রাণ নলওঁ।”
যোচেফ তেওঁৰ ককায়েকসকলৰ ওচৰ পালত তেওঁলোকে তেওঁৰ গাৰ পৰা পিন্ধি থকা দীঘল চোলাটো জোৰেৰে সোলোকাই ল’লে।
তেতিয়া ৰূবেণে তেওঁলোকক উত্তৰ দি ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘ল’ৰাটোৰ প্রতি অন্যায় কৰি পাপ নকৰিবা,’ তথাপিও তোমালোকে নুশুনিলা; এতিয়া চোৱা, আমি তাৰ ৰক্তপাতৰ পৰিশোধ সাধিব লগা হৈছে।”
ঈশ্বৰে ক্রোধেৰে ইস্ৰায়েলী মুখ্যলোক সকলৰ ওপৰত হাত নিদিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে।
ইলনাথন, দলায়া, আৰু গমৰিয়াই পুথিখন নুপুৰিবলৈ ৰজাক বিনয় কৰিলে; তথাপি তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
তেতিয়া পীলাতে দেখিলে যে তেওঁ একো কৰিব নোৱাৰিব, কিন্তু মানুহবোৰৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈ বাঢ়িবহে ধৰিলে, ইয়াকে দেখি পীলাতে লোক সকলৰ আগত পানী লৈ হাত ধুই ক’লে, ‘এই ধাৰ্মিক জনৰ ৰক্তপাতত মই নিৰ্দ্দোষী; এওঁক তোমালোকেই চাবা’।
কিন্তু অৱশ্যেই সেই জনক বধ কৰিব। তেওঁক বধ কৰিবলৈ আপুনি নিজৰ হাতেৰেই আৰম্ভ কৰিব; তাৰ পাছত সকলোৱে যোগ দিব।