Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 37:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 যোচেফ তেওঁৰ ককায়েকসকলৰ ওচৰ পালত তেওঁলোকে তেওঁৰ গাৰ পৰা পিন্ধি থকা দীঘল চোলাটো জোৰেৰে সোলোকাই ল’লে।

অধ্যায়টো চাওক কপি কৰক




আদি 37:23
8 পৰস্পৰ সংযোগসমূহ  

ৰূবেণে তেওঁলোকক ক’লে, “ৰক্তপাত নকৰোঁ। তেওঁৰ শৰীৰত হাত নুতুলাকৈয়ে বৰং তেওঁক এই মৰুপ্রান্তৰৰ এটা গাতত পেলাই দিয়া”- পাছত যোচেফক তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰি যেন পিতৃৰ ওচৰলৈ আনি ঘূৰাই দিব এই মনেৰে তেওঁ এই কথা ক’লে।


তাৰ পাছত তেওঁলোকে তেওঁক ধৰি গাতৰ ভিতৰত পেলাই দিলে; সেই গাতটো পানী নথকা এটা শুকান গাত আছিল।


বৃদ্ধ বয়সত হোৱা পুত্র দেখি ইস্ৰায়েলে যোচেফক আন সকলো পুতেকতকৈ তেওঁক অধিক স্নেহ কৰিছিল। তেওঁ তেওঁক এটা ধুনীয়া দীঘল চোলা তৈয়াৰ কৰি দিছিল।


তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “বাস্তৱিকতে আমাৰ ভাইৰ বিষয়টোত আমি দোষী; সি যেতিয়া আমাৰ আগত কাকুতি-মিনতি কৰিছিল, তেতিয়া তাৰ মনোকষ্ট দেখিও, আমি কাণসাৰ নিদিলোঁ। সেইবাবেই আমাৰ ওপৰত এই সঙ্কট আহিছে।”


তেতিয়া তেওঁৰ দাসে তাইক বাহিৰ কৰি দি তাইৰ পাছত দুৱাৰৰ ডাং লগাই দিলে। সেই কণ্যাৰ গাত দীঘল অলংকাৰপূর্ণ চোলা আছিল, কিয়নো বিয়া নিদিয়া ৰাজকুমাৰীসকলে সেইৰূপ চোলা পিন্ধে।


নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে; মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে।


আৰু তেওঁৰ গাৰ কাপোৰ গুচাই, উজ্বল বৰণৰ ৰাজবস্ত্ৰ পিন্ধাই দিলে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন