অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




আদি 31:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ময়েই বৈৎএলৰ সেই ঈশ্বৰ, যি ঠাইত তুমি স্তম্ভৰ ওপৰত তেল ঢালি মোৰ ওচৰত সঙ্কল্প কৰি প্ৰতিজ্ঞা কৰিছিলা। এতিয়া এই ঠাই এৰি তোমাৰ জন্মস্থানলৈ উলটি যোৱা।”

অধ্যায়টো চাওক



আদি 31:13
7 পৰস্পৰ সংযোগসমূহ  

তেতিয়া সপোনতে ঈশ্বৰৰ দূতে মোক মাতিলে, ‘হে যাকোব।’ মই ক’লোঁ, ‘কওঁক, মই ইয়াতে আছোঁ।’


তাতে ৰাহেল আৰু লেয়াই তেওঁক ক’লে, “পিতৃৰ ঘৰত আমাৰ জানো কিবা ভাগ বা অধিকাৰ আছে?


তেতিয়া যিহোৱাই যাকোবক ক’লে, “তুমি তোমাৰ পূর্বপুৰুষসকলৰ দেশলৈ, নিজৰ আত্মীয়সকলৰ ওচৰলৈ উভটি যোৱা; মই তোমাৰ সঙ্গী হ’ম।”


যাকোবে এইবুলি প্রার্থনা কৰিলে, “হে যিহোৱা, মোৰ পূর্বপুৰুষ অব্ৰাহামৰ ঈশ্বৰ আৰু মোৰ পিতৃ ইচহাকৰো ঈশ্বৰ, তুমি মোক কৈছিলা, ‘তোমাৰ দেশ আৰু তোমাৰ লোকসকলৰ ওচৰলৈ উভতি যোৱা। মই তোমাৰ মঙ্গল কৰিম।


তাৰ পাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।”


তেওঁ তাত এটা যজ্ঞবেদি নিৰ্মাণ কৰিলে। তেওঁ সেই ঠাইৰ নাম এল বৈৎএল ৰাখিলে, কিয়নো, তেওঁ নিজৰ ককায়েকৰ ওচৰৰ পৰা পলাই অহাৰ সময়ত, ঈশ্বৰে সেই ঠাইতে তেওঁক দৰ্শন দিছিল।