Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 31:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 ঈশ্বৰে ক’লে, সৌৱা, চকু তুলি চোৱা, মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেইবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী; কিয়নো লাবনে তোমালৈ যি যি কৰিছে, সেই সকলোকে মই দেখিছোঁ।

অধ্যায়টো চাওক কপি কৰক




আদি 31:12
13 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।


প্রতিদিনে আপোনালোকে তেওঁৰ মজুৰি দিব। সূৰ্য মাৰ যোৱাৰ আগেয়ে তাক আপোনালোকে পৰিশোধ কৰিব। কিয়নো তেওঁ দুখীয়া আৰু সেই মজুৰিৰ ওপৰতে তেওঁ ভাৰসা কৰে। আপোনালোকে এই কার্য কৰিব যাতে তেওঁ আপোনাৰ অহিতে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আপোনালোকৰ পাপ হ’ব।


মোৰ পিতৃ ঈশ্বৰ, যিজন অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ভয়ৰ পাত্র, তেওঁ মোৰ সঙ্গী নোহোৱা হলে, আপুনি নিশ্চয়ে মোক আজি শুদা-হাতেই বিদায় দিলেহেঁতেন। ঈশ্বৰে মোৰ দুখ আৰু কঠোৰ পৰিশ্ৰমলৈ দৃষ্টি কৰিলে। সেইবাবেই যোৱা ৰাতি তেওঁ আপোনাক ধমকি দিলে।”


আপোনালোক যি সকল প্রভু, আপোনালোকেও আপোনালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে স্বৰ্গত তেওঁলোক আৰু আপোনালোকৰ একেই হব আৰু তেওঁত কোনো পক্ষপাত নাই।


মিচৰ দেশত থকা মোৰ মানুহবোৰৰ দুৰৱস্থা মই নিশ্চয়কৈ দেখিছোঁ আৰু তেওঁলোকৰ আৰ্তনাদও শুনিছো। সেয়েহে তেওঁলোকক উদ্ধাৰ কৰিবলৈ মই নামি আহিলোঁ। এতিয়া আহা, মই তোমাক মিচৰ দেশলৈ পঠাওঁ।’


তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায় বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।


তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা; মোৰ সকলো পথ তুমি ভালদৰে জানা।


যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”


তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।


এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।


এবাৰ পশুবোৰ গাভিনী হোৱাৰ সময়ত মই এটা সপোন দেখিছিলোঁ। জাকৰ মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেই সকলোবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী।


কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন