পাছত ঘেহুঁধান দোৱাৰ সময়ত, ৰূবেণে ওলাই গৈ পথাৰত দুদা ফল পাই তেওঁৰ মাক লেয়াক আনি দিলে; তেতিয়া ৰাহেলে লেয়াক ক’লে, “তোমাৰ পুত্রই অনা দুদা ফলৰ কেইটামান মোকো দিয়া।”
আদি 30:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 গধূলিপৰত যাকোব যেতিয়া পথাৰৰ পৰা উলটি আহিল লেয়াই বাহিৰলৈ আহি তেওঁক আগবঢ়ায় আনিবলৈ গ’ল। লেয়াই ক’লে, “তুমি আজি ৰাতি মোৰ লগত শয়ন কৰিব লাগে; কিয়নো মোৰ ল’ৰাই অনা দুদা ফল দি মই আপোনাৰ বেচ দিলোঁ।” তাতে সেই ৰাতি যাকোবে লেয়াৰ সৈতে শয়ন কৰিলে। |
পাছত ঘেহুঁধান দোৱাৰ সময়ত, ৰূবেণে ওলাই গৈ পথাৰত দুদা ফল পাই তেওঁৰ মাক লেয়াক আনি দিলে; তেতিয়া ৰাহেলে লেয়াক ক’লে, “তোমাৰ পুত্রই অনা দুদা ফলৰ কেইটামান মোকো দিয়া।”
তাতে লেয়াই তেওঁক ক’লে “তুমি মোৰ স্বামীকে ল’লা, ই জানো সৰু কথা? আকৌ এতিয়া মোৰ পুত্রই অনা দুদা ফলো তুমি ল’ব খোজানে?” তেতিয়া ৰাহেলে ক’লে, “তেন্তে তোমাৰ পুত্রই অনা দুদা ফলৰ সলনি তেওঁ আজি ৰাতি তোমাৰে সৈতে শয়ন কৰিব।”
ঈশ্বৰে লেয়াৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁ পুনৰ গৰ্ভৱতী হৈ যাকোবলৈ পঞ্চম পুত্ৰ প্রসৱ কৰিলে।