Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 30:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 তাতে লেয়াই তেওঁক ক’লে “তুমি মোৰ স্বামীকে ল’লা, ই জানো সৰু কথা? আকৌ এতিয়া মোৰ পুত্রই অনা দুদা ফলো তুমি ল’ব খোজানে?” তেতিয়া ৰাহেলে ক’লে, “তেন্তে তোমাৰ পুত্রই অনা দুদা ফলৰ সলনি তেওঁ আজি ৰাতি তোমাৰে সৈতে শয়ন কৰিব।”

অধ্যায়টো চাওক কপি কৰক




আদি 30:15
7 পৰস্পৰ সংযোগসমূহ  

পাছত ঘেহুঁধান দোৱাৰ সময়ত, ৰূবেণে ওলাই গৈ পথাৰত দুদা ফল পাই তেওঁৰ মাক লেয়াক আনি দিলে; তেতিয়া ৰাহেলে লেয়াক ক’লে, “তোমাৰ পুত্রই অনা দুদা ফলৰ কেইটামান মোকো দিয়া।”


গধূলিপৰত যাকোব যেতিয়া পথাৰৰ পৰা উলটি আহিল লেয়াই বাহিৰলৈ আহি তেওঁক আগবঢ়ায় আনিবলৈ গ’ল। লেয়াই ক’লে, “তুমি আজি ৰাতি মোৰ লগত শয়ন কৰিব লাগে; কিয়নো মোৰ ল’ৰাই অনা দুদা ফল দি মই আপোনাৰ বেচ দিলোঁ।” তাতে সেই ৰাতি যাকোবে লেয়াৰ সৈতে শয়ন কৰিলে।


সেয়ে যিচয়াই উত্তৰ দি ক’লে, “হে দায়ুদৰ বংশ শুনা, লোকসকলৰ ধৈর্যৰ পৰীক্ষা যথেষ্ট হোৱা নাই নে! মোৰ ঈশ্বৰৰ ধৈর্যকো পৰীক্ষা কৰিবা নে?


তথাপি তুমি তেওঁলোকৰ আচাৰ-ব্যৱহাৰত যে চলিলা, বা তেওঁলোকৰ ঘিণলগীয়া কাৰ্য অনুসাৰে যে কাৰ্য কৰিলা, সেয়ে নহয়; কিন্তু তাক অতি ক্ষুদ্ৰ বুলি ভাবি তোমাৰ আটাই আচাৰ-ব্যৱহাৰত তুমি তেওঁলোকতকৈ অধিক ভ্ৰষ্টা থ’লো।


তুমি আমাক মৰুভূমিত মাৰিবলৈ দুগ্ধমধু বোৱা দেশৰ পৰা আনিছা, এয়ে জানো সৰু কথা? তুমি সদায় আমাৰ ওপৰত অধিকাৰ কৰি থাকিবানে?


মোৰ বিষয়ে আপোনালোকৰ দ্বাৰা বা আন কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে, মোৰ বিচাৰ হয়, ই মোৰ বাবে অতি সামান্য কথা। কিয়নো মই মোৰ নিজৰেই বিচাৰ নকৰোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন