আদি 30:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে লেয়াই ক’লে, “মই সুখী! কিয়নো ছোৱালীবোৰে মোক সুখী বুলি ক’ব।” সেয়ে তেওঁ তাৰ নাম আচেৰ ৰাখিলে। |
লেয়াৰ দাসী জিল্পাৰ গর্ভত তেওঁৰ পুত্র গাদ আৰু আচেৰ। এইসকলেই হৈছে পদ্দন-অৰামত জন্মা যাকোবৰ পুত্ৰ।
আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া, আৰু তেওঁলোকৰ ভনীয়েক চেৰহ; বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল।
তেওঁৰ সন্তান সকলে সাৰ পায়, আৰু যি বস্তুৱে সিহঁতক সুখী কৰিব পাৰে, তেনে তেওঁ সিহঁতক দিয়ে। তেওঁৰ স্বামীয়ে তেওঁক প্ৰশংসা কৰি কয়,
কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া; তেওঁ নিজ মাতৃৰ বিশেষ জী, তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী। মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে; ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে।
কিয়নো তেওঁ তেওঁৰ দাসীৰ নীহ অৱস্থালৈ চালে; আৰু এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্যা বুলিব।