ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।
আদি 2:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে। |
ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।
যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।
ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।