2 ৰাজা 9:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।” |
তেওঁলোকৰ প্রধান লোকসকলৰ দশা তুমি ওৰেব আৰু জেবৰ নিচিনা কৰা; তেওঁলোকৰ অধিপতিৰ সকলো দশা জেবহ আৰু চলমুন্নাৰ নিচিনা কৰা।
কোনো লোকৰ এশজন সন্তান থাকিব পাৰে আৰু তেওঁ অনেক দিন ধৰি জীয়াও থাকিব পাৰে, কিন্তু তেওঁৰ হৃদয়ে যদি জীৱনত সন্তোষ নাপায় আৰু সন্মানেৰে সৈতে যদি তেওঁৰ মৈদাম নহয়, তেন্তে সেই লোক যিমান বছৰেই জীয়াই নাথাকক কিয়, মই কওঁ তেওঁতকৈ বৰং মৃত কেঁচুৱাৰ জন্ম হোৱাই অনেক ভাল।
এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও তেওঁ দণ্ড দিবলৈ হাত দাঙি আছে।
“তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব। আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব। তেওঁলোক মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। আৰু তেওঁলোকক মৈদাম দিয়া নাযাব; ‘তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ’ব আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ’ব।
সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।
তেতিয়া তেওঁলোকে ইলীচামা লিখকৰ কোঁঠালিত পুথিখন থৈ ৰজাৰ ওচৰলৈ অৰ্থাৎ চোতাললৈ সোমাই গ’ল, আৰু ৰজাই শুনাকৈ সেই সকলো বাক্য প্ৰকাশ কৰিলে।
যিহোৱাই কৈছে, সেই দিনা শত্ৰূ যিহূদাৰ ৰজাসকলৰ, তাৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ, ভাববাদীসকলৰ, আৰু যিৰূচালেম-নিবাসীসকলৰ হাড়বোৰ তেওঁলোকৰ মৈদামৰ পৰা উলিয়াব।
তেওঁলোকে ভালপোৱা, সেৱা কৰা, পাছত চলা, বিচাৰা আৰু প্ৰণিপাত কৰা সূৰ্য চন্দ্ৰ আদি আকাশ-মণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব; সেইবোৰক গোটোৱা বা পাতা নহ’ব, সেইবোৰ মাটিৰ ওপৰত সাৰস্বৰূপ হৈ থাকিব।
তুমি কোৱা, যিহোৱাই এইদৰে কৈছে: লোকসকলৰ শৱ সাৰৰ দৰে পৰি থাকিব, আৰু দাওঁতাৰ পাছত এৰি যোৱা মুঠিৰ দৰেই পথাৰত পৰি থাকিব; কোনেও সেইবোৰ নোগোটাব।