Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 25:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।

অধ্যায়টো চাওক কপি কৰক




যিৰি 25:33
19 পৰস্পৰ সংযোগসমূহ  

আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।”


যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে; তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।


চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল। তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিল।


এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও তেওঁ দণ্ড দিবলৈ হাত দাঙি আছে।


কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।


তেওঁলোকে ভালপোৱা, সেৱা কৰা, পাছত চলা, বিচাৰা আৰু প্ৰণিপাত কৰা সূৰ্য চন্দ্ৰ আদি আকাশ-মণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব; সেইবোৰক গোটোৱা বা পাতা নহ’ব, সেইবোৰ মাটিৰ ওপৰত সাৰস্বৰূপ হৈ থাকিব।


তাক হাতত ল’বৰ বাবে, তেওঁ তাক চিকুণ কৰিবলৈ আজ্ঞা দিছে! বধ কৰোঁতাৰ হাতত দিবৰ বাবে তৰোৱালখন ধাৰ দিয়া হৈছে! এনে কি চিকুণ কৰাও হৈছে!


কিয়নো মই তোমাৰ জামু-দাঁতৰ গুৰিত হাঁকোটা লগাম, আৰু তোমাৰ নীল নৈবোৰৰ মাছবোৰ তোমাৰ বাকলিত লগাই ৰাখিম; মই তোমাৰ বাকলিত লাগি থকা তোমাৰ নৈবোৰৰ আটাই মাছে সৈতে তোমাৰ নৈবোৰৰ মাজৰ পৰা তোমাক ওপৰলৈ তুলি আনিম।


মই তোমাক আৰু তোমাৰ নৈবোৰৰ আটাই মাছবোৰক মৰুপ্রান্তলৈ পেলাই দিম। তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব; মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ’বলৈ দিম!


হে কুচীয়াসকল, তোমালোকো মোৰ তৰোৱালৰ আঘাতত নিহত হ’বা।


নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে চাৰে তিনি দিনলৈকে তেওঁলোকৰ সেই শৱ চাই থাকিব, তেওঁলোকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন