তেতিয়া ইলীচাই তেওঁৰ ওচৰৰ পৰা উলটি গ’ল আৰু সেই হাল ষাঁড়বোৰ বধ কৰি, তাৰ নাঙল আৰু যুঁৱলিৰ কাঠেৰে তাৰ মঙহ তৈয়াৰ কৰিলে আৰু লোকসকলক দিলে; তাতে তেওঁলোকে সেয়ে ভোজন কৰিলে। তাৰ পাছত তেওঁ উঠি এলিয়াৰ অনুগামী হৈ তেওঁৰ পৰিচৰ্যা কৰিলে।
2 ৰাজা 6:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পিছদিনা ঈশ্বৰৰ লোকৰ দাসে ৰাতিপুৱা উঠি যেতিয়া বাহিৰলৈ ওলাই গৈছিল, তেতিয়া তেওঁ ৰথ আৰু ঘোঁৰাবোৰেৰে সৈতে এদল সৈন্যই নগৰখন ঘেৰি থকা দেখা পালে; দাসজনে তেওঁক ক’লে, “হায়, মোৰ প্ৰভু! আমি কি কৰিম?” |
তেতিয়া ইলীচাই তেওঁৰ ওচৰৰ পৰা উলটি গ’ল আৰু সেই হাল ষাঁড়বোৰ বধ কৰি, তাৰ নাঙল আৰু যুঁৱলিৰ কাঠেৰে তাৰ মঙহ তৈয়াৰ কৰিলে আৰু লোকসকলক দিলে; তাতে তেওঁলোকে সেয়ে ভোজন কৰিলে। তাৰ পাছত তেওঁ উঠি এলিয়াৰ অনুগামী হৈ তেওঁৰ পৰিচৰ্যা কৰিলে।
কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাববাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসবোৰৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”
নামান তেওঁৰ ওচৰৰ পৰা কিছু দূৰ যোৱাৰ পাছতে ঈশ্বৰৰ লোক ইলীচাৰ দাস গেহজীয়ে নিজৰ মনতে ক’লে, “সেই অৰামীয়া নামানে অনা উপহাৰবোৰ গ্রহণ নকৰি মোৰ প্ৰভুৱে তেওঁক এনেয়ে এৰি দিলে! জীৱিত যিহোৱাৰ শপত, মই তেওঁৰ পাছে পাছে লৰি গৈ তেওঁৰ পৰা কিছু কিছু লওঁগৈ!”
এই হেতুকে নামানৰ কুষ্ঠৰোগ তোমাৰ আৰু তোমাৰ বংশধৰ সকলৰ মাজত চিৰকাল লাগি থাকিব।” তেতিয়া গেহজী ইলীচাৰ সন্মুখৰ পৰা গুছি গ’ল আৰু তেওঁৰ গাৰ ছাল হিমৰ নিচিনা বগা কুষ্ঠৰোগ হ’ল।
তেতিয়া ৰজাই ঘোঁৰা, ৰথ আৰু এক বহু সৈন্যৰ দল দোথানলৈ পঠাই দিলে; তেওঁলোকে ৰাতিয়েই গৈ নগৰখন ঘেৰি ধৰিলে।
তেওঁলোকৰ মাজৰ এজনে যেতিয়া গছ কাটি আছিল, তেতিয়া তেওঁৰ কুঠাৰখন সুলকি গৈ পানীত পৰিল; তাতে তেওঁ চিঞঁৰ মাৰি ক’লে, “হায় হায়! হে প্ৰভু, মই এইখন আনৰ পৰা খুজি আনিছিলো!”
হে আমাৰ ঈশ্বৰ, আপুনি তেওঁলোকৰ বিচাৰ নকৰিবা নে? কিয়নো আমাৰ অহিতে সেই যি অধিক অতিশয় লোক সমূহ আহিছে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিজৰ কোনো সামর্থ নাই৷ আমি যি কৰিব লাগিব, সেই বিষয়ে নাজানো, কেৱল আপোনালৈ চাই আছোঁ।”
আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে। সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে।
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল।
তাতে চালামী নগৰ পাই, ইহুদী সকলৰ নাম-ঘৰবোৰত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে৷ সেই সময়ত যোহনো তেওঁলোকৰ পৰিচাৰক হৈ আছিল৷