Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 ৰাজা 3:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাববাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসবোৰৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 3:11
27 পৰস্পৰ সংযোগসমূহ  

মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওঁক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওঁক।


তেতিয়া ইলীচাই তেওঁৰ ওচৰৰ পৰা উলটি গ’ল আৰু সেই হাল ষাঁড়বোৰ বধ কৰি, তাৰ নাঙল আৰু যুঁৱলিৰ কাঠেৰে তাৰ মঙহ তৈয়াৰ কৰিলে আৰু লোকসকলক দিলে; তাতে তেওঁলোকে সেয়ে ভোজন কৰিলে। তাৰ পাছত তেওঁ উঠি এলিয়াৰ অনুগামী হৈ তেওঁৰ পৰিচৰ্যা কৰিলে।


তেতিয়া যিহোচাফটে ক’লে, “আমাক পৰামৰ্শ দিবলৈ যিহোৱাৰ আন কোনো ভাববাদী ইয়াত আৰু আছে নে?”


তাৰ পাছত তেওঁ সেই ঠাইৰ পৰা কৰ্মিল পৰ্ব্বতলৈ গ’ল, আৰু তাৰ পৰা চমৰিয়ালৈ উভটি গ’ল।


তাকে দেখি ইস্ৰায়েলৰ ৰজাই ক’লে, “হায় হায়! মোৱাবৰ হাতত পৰাজিত হ’বলৈকে যিহোৱাই আমাৰ এই তিনিজন ৰজাক একত্রিত কৰি মাতি আনিলে নেকি?”


যিহোচাফটে ক’লে, “যিহোৱাৰ বাক্য তেওঁৰ ওচৰত আছে।” তাতে ইস্ৰায়েলৰ ৰজা, ইদোমৰ ৰজা আৰু যিহোচাফট ইলীচাৰ ওচৰলৈ নামি গ’ল।


তথাপি নবাটৰ পুত্র যাৰবিয়ামে যি সকলো পাপ কার্য কৰি ইস্ৰায়েলক পাপ কৰিবলৈ বাধ্য কৰাইছিল, সেই পাপবোৰত তেওঁ আসক্ত হৈ থাকিল; তেওঁ সেইবোৰ বন্ধ নকৰিলে।


চৌল যিহোৱাৰ অবিশ্ৱাসী হোৱাৰ বাবে এইদৰে মৃত্যু হ’ল। তেওঁ যিহোৱাৰ আজ্ঞা বোৰ পালন নকৰিলে, কিন্তু পৰামৰ্শ লবলৈ মৃতলোকৰ লগত কথা পতা লোকৰ ওচৰলৈ গৈছিল।


তেতিয়া দায়ূদে সহায়ৰ বাবে যিহোৱাক সুধিলে। তেওঁ ক’লে, “মই পলেষ্টীয়াসকলক আক্রমণ কৰিব লাগে নে? আপুনি মোক তেওঁলোকৰ ওপৰত জয়ী হব দিব নে?” যিহোৱাই তেওঁক ক’লে, “আক্রমণ কৰা, কাৰণ মই নিশ্চয়ে তোমাক তেওঁলোকক দিম।”


সেয়ে দায়ূদে পুনৰ সহায়ৰ বাবে ঈশ্ৱৰক সুধিলে, ঈশ্বৰে তেওঁক ক’লে, “তুমি তেওঁলোকক সন্মুখৰ পৰা আক্রমণ নকৰিবা, কিন্তু তাৰ পৰিবৰ্তে তেওঁলোকৰ পাছফালে আগুৰি ধৰিবা আৰু বালছম কাঠনিৰ মাজেদি তেওঁলোকৰ ওচৰলৈ আহিবা।


প্রথম বাৰ তোমালোকে তাক বৈ অনা নাই। এই কাৰণে আমাৰ ঈশ্বৰ যিহোৱাই আমাক আঘাত কৰিলে। কাৰণ আমি তেওঁৰ আজ্ঞা অনুসাৰে তেওঁক বিচাৰা নাছিলোঁ বা বাধ্য হোৱা নাছিলোঁ।”


কিন্তু যিহোচাফটে ক’লে, “আমি উপদেশ বিচৰা অর্থে যিহোৱাৰ এনে কোনো ভাববাদী ইয়াত আছে নে?”


আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।


চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”


অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।


কিন্তু আপোনালোকে তীমথিয়ৰ পৰীক্ষাসিদ্ধ গুণৰ বিষয়ে জানে, কাৰণ তেওঁ পিতৃৰ লগত পুত্ৰ যেনে, তেনেকৈ মোৰ লগতো শুভবাৰ্তাৰ অৰ্থে সেৱাকৰ্ম কৰিলে৷


তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত; অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন-পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোক সকলৰ ভৰি ধুৱাই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে, আৰু সকলো সৎ কৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্মৰ বাবে সেই জনীয়ে সুখ্যাতি পোৱা উচিত৷


যিহোৱাৰ দাস মোচিৰ মৃত্যুৰ পাছত, যিহোৱাই মোচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহোচূৱাক ক’লে,


তেতিয়া ইস্রায়েলী লোকসকলে সকলে নেতৃত্বৰ বাবে যিহোৱাৰ কি ইচ্ছা, সেই বিষয়ে নুসুধি, তেওঁলোকৰ খোৱা বস্তু কিছু ল’লে।


পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”


ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন