পাছত মোৱাবৰ ৰজা মেচেই যেতিয়া দেখিলে যে তেওঁ যুদ্ধত পৰাজয় হ’ব, তেতিয়া তেওঁ সৈন্যসকলৰ মাজেদিয়েই ইদোমৰ ৰজাৰ ওচৰলৈ যাবলৈ নিজৰ লগত সাতশ তৰোৱালধাৰী সেনা ল’লে; কিন্তু তেওঁলোকে নোৱাৰিলে।
তেওঁলোকে নগৰবোৰ ধ্বংস কৰিলে আৰু প্ৰত্যেকে শিল দলিয়াই সকলো সাৰুৱা পথাৰবোৰ শিলাময় কৰিলে। তেওঁলোকে পানীৰ ভুমুকবোৰ বন্ধ কৰি দিলে আৰু উত্তম উত্তম গছবোৰ কাটি পেলালে। কেৱলমাত্র কীৰ-হেৰচত নগৰখনৰ শিলবোৰ য’তে আছিল ত’তে এৰি হ’ল। কিন্তু ফিঙ্গা অস্ত্রধাৰী সৈন্যসকলে নগৰখন আক্রমণ কৰিলে।
তাৰ পাছত তেওঁ নিজৰ জ্যেষ্ঠপুত্র, যিজন তেওঁৰ পাছত ৰাজপাটৰ উত্তৰাধিকাৰী, তেওঁক লৈ গৈ নগৰৰ দেৱালৰ ওপৰত হোম-বলি উৎসর্গ কৰিলে আৰু ইস্ৰায়েলৰ বিৰুদ্ধে অতিশয় ক্রোধিত হ’ল। তাতে ইস্রায়েলীয়া সৈন্যসকলে ৰজা মেচাক এৰি দি নিজ দেশলৈ ওভটি গ’ল।
সেইদৰে, যিহূদাৰ ৰজা আৰু ইদোমৰ ৰজাৰ সৈতে ইস্ৰায়েলৰ ৰজা ওলাই গ’ল। তেওঁলোকে সাত দিন ধৰি অর্ধবৃত্ত হৈ ঘূৰি আগবাঢ়ি গ’ল। তেতিয়া সৈন্যসকলৰ কাৰণে আৰু লগত নিয়া পশুবোৰৰ কাৰণে তেওঁলোকে পানী বিচাৰি পোৱা নাছিল।
যিহোৰামৰ ৰাজত্বৰ সময়ত ইদোমীয়াসকলে যিহূদাৰ বশ্যতা অস্বীকাৰ কৰি বিদ্রোহ কৰিলে আৰু তেওঁলোকৰ নিজৰ কাৰণে এজন ৰজা পাতি ল’লে।
যিহোৱাই এই কথা কৈছে: “মোৱাবৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সি ইদোমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে।