Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 3:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 তাৰ পাছত তেওঁ নিজৰ জ্যেষ্ঠপুত্র, যিজন তেওঁৰ পাছত ৰাজপাটৰ উত্তৰাধিকাৰী, তেওঁক লৈ গৈ নগৰৰ দেৱালৰ ওপৰত হোম-বলি উৎসর্গ কৰিলে আৰু ইস্ৰায়েলৰ বিৰুদ্ধে অতিশয় ক্রোধিত হ’ল। তাতে ইস্রায়েলীয়া সৈন্যসকলে ৰজা মেচাক এৰি দি নিজ দেশলৈ ওভটি গ’ল।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 3:27
14 পৰস্পৰ সংযোগসমূহ  

হাজাৰ হাজাৰ মেৰ-ছাগ, বা দহ হাজাৰ তেলৰ নদীত যিহোৱা সন্তুষ্ট হ’ব নে? মোৰ অপৰাধৰ বাবে মোৰ প্ৰথমে জন্ম হোৱা সন্তান, আৰু মোৰ নিজৰ পাপৰ বাবে মোৰ ঔৰসৰ ফল দান কৰিম নে?


আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিব। কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিণলগীয়া কার্য কৰে, সেই সকলোবোৰ যিহোৱাই ঘিণ কৰে; এনেকি, তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল’ৰা-ছোৱালীবোৰক জুইত পুৰি উৎসর্গ কৰে।


তেন্তে অম্মোনীয়াসকলৰ সৈতে যুদ্ধত জয়লাভ কৰি ঘূৰি যোৱাৰ সময়ত মোক আগবঢ়াই নিবৰ কাৰণে যেয়ে দুৱাৰ মেলি ঘৰৰ বাহিৰলৈ আহিব, সেয়ে যিহোৱাৰ হ’ব আৰু মই তাক হোমবলিৰূপে উৎসৰ্গ কৰিম।”


যিহোৱাই এই কথা কৈছে: “মোৱাবৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সি ইদোমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে।


“ইয়াৰ বাহিৰে তুমি মোলৈ জন্মোৱা তোমাৰ ল’ৰা-ছোৱালীসকললৈ, গ্ৰাস কৰিবৰ বাবে সেইবোৰৰ আগত বলিস্বৰূপে দিলা; তোমাৰ বেশ্যাকৰ্মবোৰ সামান্য বিষয় আছিল নে?


দুমাহৰ মূৰত তাই বাপেকৰ ওচৰলৈ উলটি আহিল; তাইৰ বাপেকে নিজে কৰা সঙ্কল্পৰ দৰে তাইলৈ কৰিলে; তাই কেতিয়াও কোনো পুৰুষৰ সৈতে সম্বন্ধ নকৰিলে। এই ঘটনাৰ পৰা ইস্ৰায়েলৰ মাজত এটা ৰীতি প্ৰচলিত হ’বলৈ ধৰিলে।


তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ-ছাগক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপটিয়াই লাগি আছিল। অব্ৰাহামে গৈ সেই মেৰ-ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোমবলি উৎসর্গ কৰিলে।


তেতিয়া ঈশ্বৰে ক’লে, “তুমি প্ৰেম কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া দেশলৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলিৰূপে উৎসর্গ কৰাগৈ।”


সেই সময়ত ঈশ্বৰৰ এজন লোক আহি ইস্ৰায়েলৰ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে: অৰামীয়াসকলে কৈছে যে, যিহোৱা পৰ্ব্বতীয়া ঈশ্ৱৰ, সমথলত থকা ঈশ্ৱৰ নহয়, এই কাৰণে মই সেই মহালোক সমূহক তোমাৰ হাতত সমৰ্পণ কৰি দিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা’।”


চোৱা, এজন ভাববাদীয়ে ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি সেই মহা লোক সকলৰ সৈন্য দলটো দেখিছা নে? চোৱা, আজি মই তেওঁলোকক তোমাৰ হাতত সমৰ্পণ কৰি দিম। তেতিয়া ময়েই যে যিহোৱা সেই বিষয়ে তোমালোকে জানিবা’।”


তেতিয়া ইস্ৰায়েলৰ ৰজা অসন্তুষ্ট হ’ল, আৰু খঙেৰে ঘৰলৈ গ’ল। পাছত চমৰিয়াত আহি উপস্থিত হ’ল।


পাছত মোৱাবৰ ৰজা মেচেই যেতিয়া দেখিলে যে তেওঁ যুদ্ধত পৰাজয় হ’ব, তেতিয়া তেওঁ সৈন্যসকলৰ মাজেদিয়েই ইদোমৰ ৰজাৰ ওচৰলৈ যাবলৈ নিজৰ লগত সাতশ তৰোৱালধাৰী সেনা ল’লে; কিন্তু তেওঁলোকে নোৱাৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন