অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 ৰাজা 13:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাহজৰ গোটেই ৰাজত্ব কালত অৰামৰ ৰজা হজায়েলে ইস্ৰায়েলক উপদ্ৰৱ কৰিছিল।

অধ্যায়টো চাওক



2 ৰাজা 13:22
6 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত এনে ঘটিব যে, যিজনে হজায়েলৰ তৰোৱালৰ পৰা পলাই যেহূৱে সেই জনক বধ কৰিব আৰু যি জন যেহুৰ তৰোৱালৰ পৰা পলাই সেই জনক ইলীচাই বধ কৰিব।


সেই কালত যিহোৱাই ইস্ৰায়েল দেশৰ সীমা সৰু কৰিবলৈ ধৰিলে। হজায়েলে ইস্রায়েলৰ সীমাত ইস্ৰায়েলীয়াসকলক পৰাজয় কৰিলে।


হজায়েলে সুধিলে, “হে মোৰ প্ৰভু, আপুনি কিয় কান্দিছে?” তেওঁ উত্তৰ দিলে, “কাৰণ, তুমি ইস্ৰায়েলৰ লোকসকললৈ কি ক্ষতি কৰিবা, তাক মই জানো। তুমি তেওঁলোকৰ দুৰ্গবোৰ জুই দি পুৰিবা, তৰোৱালেৰে তেওঁলোকৰ যুবকসকলক বধ কৰিবা, তেওঁলোকৰ শিশুসকলক মাটিত আচাৰি মাৰিবা আৰু তেওঁলোকৰ গৰ্ভৱতী মহিলাবোৰৰ পেট ফালিবা।”


তেতিয়া হজায়েলে ক’লে, “কেৱল এটা কুকুৰৰ তুল্য আপোনাৰ এই দাসনো কোন যে, এই ভয়ানক কৰ্ম কৰিব?” ইলীচাই ক’লে, “তুমি যে অৰামৰ ৰজা হ’বা, এই কথা যিহোৱাই মোক প্রকাশ কৰিলে।”