Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 10:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 সেই কালত যিহোৱাই ইস্ৰায়েল দেশৰ সীমা সৰু কৰিবলৈ ধৰিলে। হজায়েলে ইস্রায়েলৰ সীমাত ইস্ৰায়েলীয়াসকলক পৰাজয় কৰিলে।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 10:32
7 পৰস্পৰ সংযোগসমূহ  

হজায়েলে সুধিলে, “হে মোৰ প্ৰভু, আপুনি কিয় কান্দিছে?” তেওঁ উত্তৰ দিলে, “কাৰণ, তুমি ইস্ৰায়েলৰ লোকসকললৈ কি ক্ষতি কৰিবা, তাক মই জানো। তুমি তেওঁলোকৰ দুৰ্গবোৰ জুই দি পুৰিবা, তৰোৱালেৰে তেওঁলোকৰ যুবকসকলক বধ কৰিবা, তেওঁলোকৰ শিশুসকলক মাটিত আচাৰি মাৰিবা আৰু তেওঁলোকৰ গৰ্ভৱতী মহিলাবোৰৰ পেট ফালিবা।”


সেই সময়ত এনে ঘটিব যে, যিজনে হজায়েলৰ তৰোৱালৰ পৰা পলাই যেহূৱে সেই জনক বধ কৰিব আৰু যি জন যেহুৰ তৰোৱালৰ পৰা পলাই সেই জনক ইলীচাই বধ কৰিব।


যিহোৱাহজৰ পুত্র যিহোৱাচে সেই সকলো নগৰবোৰ পুনৰায় অধিকাৰ কৰিলে, যিবোৰ নগৰ হজায়েলৰ পুত্র বিন-হদদে তেওঁৰ পিতৃ যিহোৱাহজৰ পৰা যুদ্ধত জয় কৰি লৈছিল। যিহোৱাচে তিনিবাৰ বিন-হদদক আক্ৰমণ কৰি ইস্ৰায়েলৰ সেই নগৰবোৰ পুনৰায় উদ্ধাৰ কৰিলে।


যিহোৱাহজৰ গোটেই ৰাজত্ব কালত অৰামৰ ৰজা হজায়েলে ইস্ৰায়েলক উপদ্ৰৱ কৰিছিল।


ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁৰ দাস গৎ-হেফৰৰ অমিত্তয়ৰ পুত্ৰ ভাববাদী যোনাৰ দ্বাৰাই যি কথা কৈছিল, সেই কথা অনুসাৰে যাৰবিয়ামে লেব হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইস্ৰায়েলৰ সীমা পুনৰায় স্থাপন কৰিলে।


সেই কালত অৰামৰ ৰজা হজায়েলে গাত নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক অধিকাৰ কৰিলে; তাৰ পাছত তেওঁ যিৰূচালেম আক্রমণ কৰিবলৈ আগবাঢ়িল।


উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্রাস পায়, তেওঁলোকৰ নীহ অৱস্থা হ’য়।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন