কিন্তু সেই সময়ত হদদ কম বয়সীয়া হোৱা বাবে তেওঁৰ পিতৃৰ দাসবোৰে তেওঁক আন ইদোমীয়া লোকসকলৰ সৈতে মিচৰলৈ লৈ গৈছিল৷
2 ৰাজা 11:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু সকলো ৰাজপুত্রক বধ কৰাৰ সময়ত ৰজা যিহোৰামৰ জীয়েক অর্থাৎ অহজিয়াৰ ভনীয়েক যিহোচেবাই অহজিয়াৰ পুত্র যোৱাচক ৰাজপুত্রসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে। যিহোচেবাই যোৱাচক অথলিয়াৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তেওঁক ধাই মাকৰে সৈতে এটা শোৱা কোঁঠালিত ৰাখিলে। সেয়ে অথলিয়াই যোৱাচক বধ কৰিব নোৱাৰিলে। |
কিন্তু সেই সময়ত হদদ কম বয়সীয়া হোৱা বাবে তেওঁৰ পিতৃৰ দাসবোৰে তেওঁক আন ইদোমীয়া লোকসকলৰ সৈতে মিচৰলৈ লৈ গৈছিল৷
তেওঁ মন্দিৰৰ কোঁঠালিবোৰৰ সৈতে সংলগ্ন কৰি মন্দিৰৰ চাৰিওফালে ঘৰ সাজিলে, এইবোৰ ওখই প্ৰায় পাঁচ হাত আছিল; এইবোৰ এৰচ কাঠেৰে গৃহৰ সৈতে লগ লগোৱা আছিল।
মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷
যোৱাচক লৈ যিহোচেবা যিহোৱাৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত যিহূদা দেশত অথলিয়াই শাসন কৰিছিল।
ইস্রায়েলত যেহূৰ ৰাজত্বৰ সপ্তম বছৰত যোৱাচ ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল চিবিয়া; তেওঁ বেৰ-চেবা নগৰৰ নিবাসী আছিল।
যিহোচাফটৰ পুত্র যিহোৰাম যিহূদাৰ ৰজা আছিল। ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ পঞ্চম বছৰত যিহোৰামে যিহূদাত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে।
তথাপিও যিহোৱাই নিজৰ দাস দায়ুদৰ কথা মনত ৰাখি যিহূদা বিনষ্ট কৰিবলৈ ইচ্ছা নকৰিলে; কাৰণ তেওঁ দায়ুদক তেওঁৰ বংশধৰ দিব বুলি প্রতিজ্ঞা কৰিছিল।
কিন্তু ৰজাৰ জীয়েক যিহোচাবতে অহজিয়াৰ পুত্ৰ যোৱাচক বধ কৰিবলগীয়া ৰাজকোঁৱৰসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে, আৰু তেওঁক ধাইমাকে সৈতে বিছনা ৰখা কোঁঠালি এটাত ৰাখি হ’ল৷ এইদৰে যিহোয়াদা পুৰোহিতৰ ভাৰ্য্যা, যিহোৰাম ৰজাৰ জীয়েক আৰু অহজিয়াৰ ভনীয়েক সেই যিহোচাবতে যোৱাচক অথলিয়াৰ পৰা লুকুৱালে যাতে ৰাণীয়ে তেওঁক বধ কৰিব নোৱাৰে।
নদী ভেকুলীৰে পৰিপূৰ্ণ হ’ব; সেইবোৰ উঠি তোমাৰ ঘৰত, শোৱা কোঁঠালিত, বিচনাত, আৰু তোমাৰ দাসসকলৰ ঘৰতো সোমাব। এনেকি তোমাৰ লোকসকলৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰ আৰু তোমাৰ আটা খচা পাত্ৰতো সোমাব।
কিয়নো যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ সিংহাসনৰ ওপৰত বহিবলৈ দায়ূদ-বংশীয় পুৰুষৰ কেতিয়াও অভাৱ নহ’ব;
তেন্তে মোৰ দাস দায়ূদে সৈতে কৰা মোৰ নিয়মটিও এনেকৈ ভাঙিব পৰা যাব, যে, তেওঁৰ সিংহাসনত বহি ৰাজশাসন কৰিবলৈ তেওঁৰ এটি সন্তানো নহ’ব; আৰু মোৰ পৰিচাৰক লেবীয়া পুৰোহিতসকলৰ সৈতে কৰা মোৰ নিয়মটিও ভাঙিব পৰা যাব।
তেতিয়া মই যাকোবৰ আৰু মোৰ দাস দায়ূদৰ বংশকো অগ্ৰাহ্য কৰি অব্ৰাহাম, ইচহাক আৰু যাকোবৰ বংশৰ ওপৰত শাসন কৰিবলৈ তেওঁৰ বংশৰ এজনকো নলম; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ প্রতি দয়া কৰিম।
“তুমি ৰেখব-বংশীয় লোকসকলৰ ওচৰলৈ যোৱা, আৰু তেওঁলোকৰ লগত কথা বতৰা কৰা। তাৰ পাছত তেওঁলোকক যিহোৱাৰ গৃহৰ কোনো এটা কোঁঠালিলৈ আনি, পান কৰিবলৈ দ্ৰাক্ষাৰস দিয়া।”
পাছত ৰজাই যিৰহমেল কোঁৱৰক, অজ্ৰীয়েলৰ পুত্ৰ চৰায়াক, অব্দয়েলৰ পুত্ৰ চেলেমীয়াক, বাৰুক লিখক আৰু যিৰিমিয়া ভাববাদীক ধৰিবলৈ আজ্ঞা কৰিলে; কিন্তু যিহোৱাই তেওঁলোকক লুকুৱাই থৈছিল।
অবীমেলকে অফ্রাত নিজৰ বাপেকৰ ঘৰলৈ গৈ তেওঁৰ সত্তৰজন ভাইক অর্থাৎ যিৰুব্বালৰ পুতেকসকলক একেটা শিলৰ ওপৰত হত্যা কৰিলে। কেৱল, যিৰুব্বালৰ সৰু পুতেক যোথম লুকাই থকা বাবে সি বাচি গ’ল।