16 যিহোচাফটৰ পুত্র যিহোৰাম যিহূদাৰ ৰজা আছিল। ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ পঞ্চম বছৰত যিহোৰামে যিহূদাত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে।
যিহোৱাই এলিয়াৰ যোগেদি যিদৰে কৈছিল, সেইদৰে ৰজা অহজিয়াৰ মৃত্যু হ’ল। অহজিয়াৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে তেওঁৰ ঠাইত যোৰাম ইস্রায়েলৰ ৰজা হ’ল। যিহূদাৰ ৰজা যিহোচাফটৰ পুত্র যিহোৰামৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যোৰাম ইস্রায়েলৰ ৰজা হৈছিল।
যিহূদাত যিহোচাফটৰ ৰাজত্বৰ ওঠৰ বছৰত ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰাম ৰজা হ’ল। তেওঁ চমৰিয়াত থাকি বাৰ বছৰ ৰাজত্ব কৰিলে।
পাছত যিহোচাফট তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ ওপৰ-পিতৃ দায়ুদৰ নগৰত, তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল। তেতিয়া তেওঁৰ পুত্ৰ যিহোৰাম তেওঁৰ পদত ৰজা হ’ল।
ইস্ৰায়েলৰ ৰজাৰ লগত যিহোচাফট মিলেৰে আছিল।
যিহোচাফটে পঁয়ত্ৰিশ বছৰ বয়সত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ৱ কৰিছিল। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।
যিহূদাৰ যিহোচাফট ৰজাৰ ৰাজত্ৱৰ সপ্তদশ বছৰত আহাবৰ পুত্ৰ অহজিয়াই চমৰিয়াত ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ দ্বাদশ বছৰত যিহোৰামৰ পুত্ৰ অহজিয়াই যিহূদাত ৰাজত্ব কৰিবলৈ ধৰিলে।
কিন্তু সকলো ৰাজপুত্রক বধ কৰাৰ সময়ত ৰজা যিহোৰামৰ জীয়েক অর্থাৎ অহজিয়াৰ ভনীয়েক যিহোচেবাই অহজিয়াৰ পুত্র যোৱাচক ৰাজপুত্রসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে। যিহোচেবাই যোৱাচক অথলিয়াৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তেওঁক ধাই মাকৰে সৈতে এটা শোৱা কোঁঠালিত ৰাখিলে। সেয়ে অথলিয়াই যোৱাচক বধ কৰিব নোৱাৰিলে।
তেতিয়া যিৰূচালেমৰ নিবাসীসকলে যিহোৰামৰ কনিষ্ঠ পুত্ৰ অহজিয়াক তেওঁৰ পদত ৰজা পাতিলে; কাৰণ আৰবীয়াসকলৰ সৈতে ছাউনিলৈ অহা লোকৰ দলটোৱে তেওঁৰ আটাই কেইজন বৰ পুত্ৰক বধ কৰিছিল। সেয়েহে যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অহজিয়া ৰজা হ’ল।