অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 বংশা 35:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত তেওঁলোকে তেওঁলোকৰ বাবে আৰু পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে; কিয়নো হাৰোণৰ সন্তান পুৰোহিতসকলে হোম-বলিৰ তেজাল অংশ পোৰোঁতে ৰাতিলৈকে লাগি থাকিব লগীয়া হৈছিল৷ এইদৰে লেবীয়াসকলে নিজৰ আৰু হাৰোণৰ সন্তান পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে।

অধ্যায়টো চাওক



2 বংশা 35:14
5 পৰস্পৰ সংযোগসমূহ  

পাছত তেওঁলোকে বিধিমতে নিস্তাৰ-পৰ্ব্বৰ বলি খৰিকাত লগাই জুইত দিলে৷ কিন্তু পবিত্ৰীকৃত হিচাপে আন পশুৰ মাংস কেৰাহীত, টৌত আৰু জকাত সিজালে আৰু সকলো লোকক লৰালৰিকৈ বাঁটি দিলে।


আৰু দায়ুদ, আচফ, হেমন আৰু ৰজাৰ দৰ্শক যিদূথূনে আজ্ঞা কৰাৰ দৰে আচফৰ সন্তান গায়ক সকল নিজ নিজ ঠাইত আছিল আৰু দুৱৰীসকল প্ৰত্যেক দুৱাৰত আছিল; নিজ নিজ কাম এৰি যাবলৈ তেওঁলোকৰ প্ৰয়োজন নহ’ল, কিয়নো তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকৰ বাবে আয়োজন কৰিছিল।


গৃহ নিৰ্ম্মাণ কৰোঁতা সকলে যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিলে। ইস্ৰায়েলৰ ৰজা দায়ূদে আজ্ঞা কৰাৰ অনুসাৰে যিহোৱাৰ প্ৰশংসা কৰিবৰ অৰ্থে পুৰোহিতসকলে নিজৰ নিজৰ বস্ত্ৰ পৰিধান কৰিলে, আৰু হাতত তুৰী-বাদ্য ল’লে, আচফৰ পুত্র, আৰু লেবীয়াসকলে হাতত তাল লৈ থিয় হ’ল।


পুৰোহিত আৰু লেবীয়াসকলে নিজকে শুচি কৰিলে আৰু যি সকল বন্দীত্বৰ পৰা আহিছিল, তেওঁলোক সকলোৰে বাবে নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিলে।