13 পাছত তেওঁলোকে বিধিমতে নিস্তাৰ-পৰ্ব্বৰ বলি খৰিকাত লগাই জুইত দিলে৷ কিন্তু পবিত্ৰীকৃত হিচাপে আন পশুৰ মাংস কেৰাহীত, টৌত আৰু জকাত সিজালে আৰু সকলো লোকক লৰালৰিকৈ বাঁটি দিলে।
মোচিৰ পুস্তকত লিখাৰ দৰে, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবৰ অৰ্থে তেওঁলোকে প্ৰজাসকলৰ পিতৃ-বংশবোৰৰ অংশ অনুসাৰে সকলোকে দিবৰ কাৰণে, দগ্ধ কৰিবলগীয়া ভাগ এৰুৱাই ল’লে আৰু ষাঁড়বোৰকো সেই একে দৰেই কৰিলে।
পাছত তেওঁলোকে তেওঁলোকৰ বাবে আৰু পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে; কিয়নো হাৰোণৰ সন্তান পুৰোহিতসকলে হোম-বলিৰ তেজাল অংশ পোৰোঁতে ৰাতিলৈকে লাগি থাকিব লগীয়া হৈছিল৷ এইদৰে লেবীয়াসকলে নিজৰ আৰু হাৰোণৰ সন্তান পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে।
মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে;
তেতিয়া তেওঁ মোক ক’লে, পুৰোহিতসকলে লোকসকলক পবিত্ৰ কৰিবলৈ দোষাৰ্থক বলি, পাপাৰ্থক বলি আৰু ভক্ষ্য নৈবেদ্য বাহিৰ চোতালখনলৈ নিনিবৰ কাৰণে, সেই পাপাৰ্থক ও দোষাৰ্থক বলি সিজোৱা আৰু ভক্ষ্য নৈবেদ্য তাও দিয়া ঠাই এয়ে।”
কিন্তু যি মাটিৰ পাত্ৰত তাক সিজোৱা হ’ব, তাক ভাঙি পেলাব লাগিব; যদি পিতলৰ পাত্ৰত তাক সিজোৱা হয়, তেন্তে তাক ভালদৰে মাজি পানীত ধুই পৰিষ্কাৰ কৰিব লাগিব।
আৰু নাচৰীয়া লোকজনে পৃথকে থকাৰ যি চিন, তাক ক্ষুৰুৱাৰ পাছত, পুৰোহিতে পানীত সিজোৱা মেৰৰ আগ-পিৰাটো, আৰু খৰাহিৰ পৰা খমীৰ নিদিয়া বিন্ধা থকা পিঠা এটা, আৰু খমীৰ নিদিয়া পাতল চাকলিয়া পিঠা এটা লৈ, নাচৰীয়া লোকজনৰ হাতত দিব।
যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তাক খৰিকাত দি খাব। পাছত ৰাতিপুৱা নিজ নিজ তম্বুলৈ উলটি যাব।