ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে,
2 বংশা 34:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু ৰজাই হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখাৰ পুত্ৰ আব্দোনক, লিখক চাফনক আৰু ৰজাৰ দাস অচায়াক এই আজ্ঞা কৰিলে বোলে, |
ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে,
বেবিলনৰ ৰজা নবূখদনেচৰে যি সকল লোকক যিহূদা দেশত এৰি থৈ গৈছিল, তেওঁলোকৰ ওপৰত নবুজাৰদানে চাফনৰ নাতি অহীকামকৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিলে।
“তোমালোকে গৈ মোৰ আৰু ইস্ৰায়েল আৰু যিহূদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহোৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ; কিয়নো আমাৰ ওপৰত যিহোৱাই বৰষোৱা ক্ৰোধ অতিশয় ডাঙৰ; কাৰণ ওপৰ-পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহোৱাৰ বাক্য পালন নকৰিলে।”
তেতিয়া যিহোয়াকীম ৰজাই মিচৰলৈ মানুহ পঠিয়ালে, অৰ্থাৎ অকবোৰৰ পুত্ৰ ইলনাথনক আৰু তেওঁৰ লগত কেইজনমান লোকক মিচৰলৈ পঠিয়ালে।
কিন্তু চাফনৰ পুত্ৰ অহীকামৰ হাত যিৰিমিয়াৰ পক্ষে থকাত, বধ কৰিবৰ অৰ্থে লোকসকলৰ হাতত তেওঁক শোধাই দিয়া নহ’ল।
আৰু তেওঁক ঘৰলৈ লৈ যাবৰ কাৰণে চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গটাই দিলে; আৰু তেওঁ লোকসকলৰ মাজত বাস কৰিলে।
“অম্মোনৰ সন্তান সকলৰ ৰজা বালীচে তোমাৰ প্ৰাণ লবলৈ নথনিয়াৰ পুতেক ইশ্মায়েলক পঠিয়াইছে, তুমি তাক জানা নে?” কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ কথা বিশ্বাস নকৰিলে।
পাছত যিৰিমিয়াই মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু দেশত অৱশিষ্ট থকা লোকসকলৰ মাজত তেওঁৰে সৈতে বাস কৰিলে।
তেতিয়া চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ আৰু তেওঁলোকৰ লোকসকলৰ আগত শপত খাই ক’লে, “তোমালোকে কলদীয়াসকলৰ অধীন হ’বলৈ ভয় নকৰিবা; দেশত বাস কৰি বাবিলৰ ৰজাৰ অধীন হোৱা, তেতিয়া তোমালোকৰ মঙ্গল হ’ব।”