Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 25:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 বেবিলনৰ ৰজা নবূখদনেচৰে যি সকল লোকক যিহূদা দেশত এৰি থৈ গৈছিল, তেওঁলোকৰ ওপৰত নবুজাৰদানে চাফনৰ নাতি অহীকামকৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিলে।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 25:22
10 পৰস্পৰ সংযোগসমূহ  

আৰু তেওঁক ঘৰলৈ লৈ যাবৰ কাৰণে চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গটাই দিলে; আৰু তেওঁ লোকসকলৰ মাজত বাস কৰিলে।


পাছত নথনিয়াৰ পুতেক ইশ্মায়েল আৰু তেওঁৰ লগত থকা সেই দহজন লোকে উঠি, বাবিলৰ ৰজাই দেশৰ শাসনকৰ্ত্তা নিযুক্ত কৰা চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াক তৰোৱালেৰে বধ কৰিলে।


কিন্তু চাফনৰ পুত্ৰ অহীকামৰ হাত যিৰিমিয়াৰ পক্ষে থকাত, বধ কৰিবৰ অৰ্থে লোকসকলৰ হাতত তেওঁক শোধাই দিয়া নহ’ল।


আৰু ৰজাই হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখাৰ পুত্ৰ আব্দোনক, লিখক চাফনক আৰু ৰজাৰ দাস অচায়াক এই আজ্ঞা কৰিলে বোলে,


ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে,


কিন্তু সপ্তম মাহত ইলীচামাৰ নাতি, নথনিয়াৰ পুত্র ইশ্মায়েলে দহ জন মানুহক লগত লৈ গদলিয়াৰ লগতে যিহূদাৰ যি সকল লোক আৰু কলদীয়াসকল তেওঁৰ লগত মিস্পাত আছিল, সকলোকে আক্রমণ কৰি বধ কৰিলে। এই ইশ্মায়েল এজন ৰাজবংশীয় লোক আছিল।


পাছে সপ্তম মাহত, ৰজাৰ প্ৰধান বিষয়াসকলৰ মাজত গণিত হোৱা ৰাজবংশীয় ইলীচামাৰ নাতিয়েক নথনিয়াৰ পুতেক ইশ্মায়েলে দহজন লোকক লগত লৈ, মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু তেওঁলোকে মিস্পাত একেলগে ভোজন কৰিলে।


কিয়নো তেওঁলোকে তেওঁলোকলৈ ভয় কৰিছিল; কাৰণ নথনিয়াৰ পুতেক ইশ্মায়েলে বাবিলৰ ৰজাই দেশৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰা অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰিছিল।


কিন্তু যি যি জাতিৰ মাজলৈ যিহূদাৰ লোকসকলক খেদাই দিয়া হৈছিল, যিহূদা দেশত প্ৰবাস কৰিবলৈ, সেই সেই জাতিৰ পৰা উলটি অহা যিহূদাৰ আটাই অৱশিষ্ট ভাগক লৈ গৈছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন