2 বংশা 33:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মনচিয়ে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল বাৰ বছৰ; তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিলে। |
পাছত হিষ্কিয়া তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ুদৰ সন্তান সকলৰ মৈদামনিৰ সকলোতকৈ ওখ ঠাইত তেওঁক মৈদাম দিলে৷ তেওঁৰ মৰণৰ কালত সমুদায় যিহূদা আৰু যিৰূচালেম-নিবাসীসকলে তেওঁক সন্মান কৰিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।
দেশৰ ৰজা যেতিয়া অল্পবয়সীয়া হ’য়, সেই দেশ অস্থিৰ হয়; মন্ত্ৰীসকলে ৰাতিপুৱাতেই ভোজ খায়।
মোৰ লোকসকল! সন্তান সকল তেওঁলোকৰ উপদ্ৰৱকাৰী, আৰু মহিলাসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব। মোৰ লোকসকল, তোমালোকৰ পৰিচালকসকলে তোমালোকক বিপথে নিব, আৰু তোমালোকৰ পথৰ লক্ষ্য বিভ্রান্ত কৰিব।
“মই কেৱল যুৱকসকলক তেওঁলোকৰ অধিপতি নিযুক্ত কৰিম, আৰু যুৱকসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব।
আৰু হিষ্কিয়াৰ পুত্ৰ যিহূদাৰ ৰজা মনচিয়ে যিৰূচালেমত কৰা কাৰ্যৰ কাৰণে, পৃথিৱীৰ আটাই ৰাজ্যৰ মাজত মই তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম।