Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 32:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 পাছত হিষ্কিয়া তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ুদৰ সন্তান সকলৰ মৈদামনিৰ সকলোতকৈ ওখ ঠাইত তেওঁক মৈদাম দিলে৷ তেওঁৰ মৰণৰ কালত সমুদায় যিহূদা আৰু যিৰূচালেম-নিবাসীসকলে তেওঁক সন্মান কৰিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 32:33
15 পৰস্পৰ সংযোগসমূহ  

সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।


পাছত তেওঁ দায়ূদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল, তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে৷ গন্ধ-বণিকসকলৰ কাৰ্যেৰে যুগুত কৰা নানাবিধৰ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক শুৱাই থৈছিল৷ আৰু তেওঁৰ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল।


পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক তেওঁৰ পিতৃ দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।


তাৰ পাছত দায়ুদ নিজৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁক দায়ুদৰ নগৰত মৈদাম দিয়া হ’ল।


আপুনি যদি ইয়াকে নকৰে, তেনেহলে মোৰ প্ৰভু মহাৰাজ ওপৰ-পিতৃসকলৰ লগত যেতিয়া ওপৰ-পিতৃসকলৰ সৈতে নিদ্ৰিত হ’ব, তেতিয়া মই আৰু মোৰ পুত্ৰ চলোমন অপৰাধী হিচাবে গণিত হ’ব।”


চমূৱেলৰ মৃত্যু হ’ল। ইস্ৰায়েলৰ সকলো লোক গোট খাই তেওঁৰ বাবে বিলাপ কৰিলে, আৰু ৰামাত থকা তেওঁৰ ঘৰতে তেওঁক মৈদাম দিলে। তাৰ পাছত দায়ূদে তাৰ পৰা মৰুপ্ৰান্তত থকা পাৰণলৈ গ’ল।


সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতা সকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতা সকলক হেয়জ্ঞান কৰা হ’ব।


ইস্ৰায়েলৰ সন্তান সকলে মোৱাব সমথলত ত্ৰিশ দিন পর্যন্ত মোচিৰ কাৰণে ক্ৰন্দন কৰিলে; তাৰ পাছত মোচিৰ কাৰণে তেওঁলোকৰ শোক প্রকাশৰ দিন শেষ হ’ল।


যেতিয়া গোটেই সমাজে হাৰোণৰ মৃত্যু হোৱা দেখিলে, তেতিয়া ইস্ৰায়েলৰ গোটেই বংশই হাৰোণৰ কাৰণে ত্ৰিশ দিনলৈকে ক্ৰন্দন কৰিলে।


পাছত হিষ্কিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।


হিষ্কিয়াৰ অৱশিষ্ট বৃত্তান্ত আৰু তেওঁৰ সৎকাৰ্য্যৰ কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ দৰ্শন-পত্ৰিকাত, যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে।


কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব; ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।


তেতিয়া তেওঁৰ দাসবোৰে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ ওপৰেঞ্চি ৰথ এটাত তুলি দিলে৷ তেওঁলোকে তেওঁক যিৰূচালেমলৈ আনিলে, য’ত তেওঁৰ মৃত্যু হ’ল৷ তেওঁৰ ওপৰ-পিতৃসকলৰ মৈদামবোৰত তেওঁক মৈদাম দিয়া হ’ল। পাছত সমুদায় যিহূদা আৰু যিৰূচালেমে যোচিয়াৰ কাৰণে শোক কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন