অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 বংশা 28:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া ইফ্ৰয়িমৰ সন্তান সকলৰ মাজৰ নির্দিষ্ট কিছুমান অধ্যক্ষ - যিহোহানৰ পুত্ৰ অজৰিয়া, মচিল্লেমোটৰ পুত্ৰ বেৰেখিয়া, চল্লূমৰ পুত্ৰ যিহিষ্কিয়া আৰু সদলয়ৰ পুত্ৰ অমাচাই যুদ্ধ যাত্ৰাৰ পৰা ঘূৰি অহা লোকসকলৰ বিৰুদ্ধে উঠিল;

অধ্যায়টো চাওক



2 বংশা 28:12
5 পৰস্পৰ সংযোগসমূহ  

দায়ূদে যিৰূচালেমত ইস্ৰায়েলৰ সকলো কৰ্মচাৰীক এক গোট কৰিলে: জাতিবোৰৰ কৰ্মচাৰীসকলক, সময়-সূচী অনুযায়ী ৰজাৰ পৰিচৰ্যা কৰা বিভাগবোৰৰ কৰ্মচাৰীসকলক, সহস্ৰপতিসকলক আৰু শতপতিসকলক, ৰজা আৰু তেওঁৰ পুত্রসকলৰ দখলত থকা সকলো সম্পত্তিৰ পৰিচালকসকলক, কর্মচাৰী আৰু যুদ্ধাৰু লোকসকলক, তেওঁলোকৰ মাজৰ সকলোতকৈ নিপূণ লোকসকলক যিৰূচালেমত এক গোট কৰিলে।


এই হেতুকে এতিয়া মোৰ কথা শুনা: তোমালোকৰ ভাইসকলৰ মাজৰ পৰা বন্দী কৰি অনা লোকসকলক ঘূৰাই পঠিওৱা; কিয়নো যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰতো আছে।”


তেওঁলোকে তেওঁলোকক ক’লে, “তোমালোকে বন্দী কৰি অনা লোকসকলক এই ঠাইলৈ নানিবা, কিয়নো আমাৰ পাপ আৰু দোষবোৰ বঢ়াবৰ অৰ্থে তোমালোকে যিহোৱাৰ গুৰিত আমাক পুনৰ দোষী কৰিবলৈ মন কৰিছাহঁক; কাৰণ আমাৰ দোষ অধিক আৰু ইস্ৰায়েলৰ ওপৰত প্ৰচণ্ড ক্ৰোধ আছে।”


পাছত অধ্যক্ষসকলৰ দ্ৱাৰাই যিসকলক নাম ধৰি নিযুক্ত কৰা হৈছিল, সেই লোকসকল উঠি আহিল। তেওঁলোকে বন্দী কৰি অনা লোকসকলক লৈ আহিল আৰু সেই লুটদ্ৰব্যৰ বস্তুবোৰ ল’লে, পাছত উদঙে থকা লোকসকলক তেওঁলোকে কাপোৰ পিন্ধালে৷ তেওঁলোকৰ গাত কাপোৰ আৰু ভৰিত পাদুকা দিলে৷ তেওঁলোকক ভোজন পান কৰালে৷ তেওঁলোকৰ আঘাত পোৱা ঘা-বোৰত তেল লগালে আৰু তেওঁলোকৰ মাজৰ অতিশয় দুর্বল লোকসকলক গাধবোৰৰ ওপৰত তুলি দিলে৷ পাছত সেই লোকসকলক যিৰীহো নগৰত থকা তেওঁলোকৰ পৰিয়ালবোৰৰ ওচৰলৈ তেওঁলোকে লৈ গ’ল৷ এই ঠাইক খেজুৰৰ নগৰ বুলি কোৱা হয়৷ তাৰ পাছত তেওঁলোক চমৰিয়ালৈ ঘূৰি আহিল।


তেনেহ’লে মই এই গৃহক চীলোৰ দৰে কৰিম, আৰু এই নগৰক পৃথিৱীৰ আটাই জাতিৰ শাওৰ বিষয় কৰিম।