Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 28:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 এই হেতুকে এতিয়া মোৰ কথা শুনা: তোমালোকৰ ভাইসকলৰ মাজৰ পৰা বন্দী কৰি অনা লোকসকলক ঘূৰাই পঠিওৱা; কিয়নো যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰতো আছে।”

অধ্যায়টো চাওক কপি কৰক




2 বংশা 28:11
10 পৰস্পৰ সংযোগসমূহ  

কিয়নো যিজনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!


কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।


দয়ালু সকল ধন্য; কিয়নো তেওঁলোকে দয়া পাব।


মই মনোনীত কৰা লঘোন এয়া নহয়: দুষ্টতাৰ বান্ধ মুকলি কৰা, ষাঁড়গৰুৰ যুৱলিৰ শলমাৰি সোলোকোৱা, ভগ্ন কৰিবলৈ লোৱা লোকক স্ৱাধীন কৰা, আৰু প্ৰত্যেক যুৱলি ভঙাই জানো মোৰ মনোনীত লঘোন নহয়?


সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্রতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধলোক আৰু বিচাৰকৰ্ত্তাসকলে নিৰূপিত কৰা সময়ত যি সকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক।”


তাতে ইস্ৰায়েলৰ সন্তান সকলে, তেওঁলোকৰ দুই লাখ লোকক তেওঁলোকৰ পত্নী আৰু তেওঁলোকৰ ল’ৰা ছোৱালীসকল বন্দী কৰি লৈ গ’ল৷ তেওঁলোকে অনেক বস্তু লুট কৰিলে, আৰু সেই লুটদ্ৰব্যবোৰ চমৰিয়ালৈ লৈ গ’ল।


তেতিয়া ইফ্ৰয়িমৰ সন্তান সকলৰ মাজৰ নির্দিষ্ট কিছুমান অধ্যক্ষ - যিহোহানৰ পুত্ৰ অজৰিয়া, মচিল্লেমোটৰ পুত্ৰ বেৰেখিয়া, চল্লূমৰ পুত্ৰ যিহিষ্কিয়া আৰু সদলয়ৰ পুত্ৰ অমাচাই যুদ্ধ যাত্ৰাৰ পৰা ঘূৰি অহা লোকসকলৰ বিৰুদ্ধে উঠিল;


তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে; তোমাৰ ক্রোধে মোক ধ্বংস কৰিছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন