তাৰ পাছত যিহোৱাই ক’লে, ‘আহাবক গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক উত্তেজিত কৰিব?’ তেতিয়া এজনে একেভাবে আৰু আনজনে আন ভাবে উত্তৰ দিবলৈ ধৰিলে।
2 বংশা 18:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যিহোৱাই ক’লে, ‘ইস্ৰায়েলৰ আহাব ৰজা গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক প্ৰলোভিত কৰিব?’ তেতিয়া কোনোৱে এক ভাবে আৰু আন কোনোৱে আন ভাবে উত্তৰ দিলে। |
তাৰ পাছত যিহোৱাই ক’লে, ‘আহাবক গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক উত্তেজিত কৰিব?’ তেতিয়া এজনে একেভাবে আৰু আনজনে আন ভাবে উত্তৰ দিবলৈ ধৰিলে।
ৰামোৎ-গিলিয়দত বিন-গেবৰ, তেওঁৰ অধীনত গিলিয়দত থকা মনচিৰ পুত্ৰ যায়ীৰৰ আটাই গাওঁ আৰু বাচানত থকা অর্গোব অঞ্চল অৰ্থাৎ গড়েৰে বেষ্টিত আৰু পিতলৰ ডাং থকা ষাঠিখন ডাঙৰ নগৰ আছিল,
তাতে মীখায়াই ক’লে, “বাৰু, তোমালোক সকলোৱে যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ আৰু তেওঁৰ সোঁফালে আৰু বাওঁফালে স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
তেতিয়া এক আত্মাই আগলৈ ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক প্ৰলোভিত কৰিম।’ তাতে যিহোৱাই ক’লে, ‘কেনেকৈ?’
তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’
তুমি কৈছিলা, ‘চোৱা, মই ইদোমক পৰাজয় কৰিলোঁ,’ আৰু তাতে তোমাৰ হৃদয়ে দৰ্প কৰিবলৈ তোমাৰ সফলতাত গৰ্ব্বী হৈছে; তুমি এতিয়া নিজ ঘৰতে থাকা; কিয় নিজ অমঙ্গলৰ অৰ্থে যুদ্ধ কৰি তুমি আৰু তোমাৰে সৈতে যিহূদাক পতিত কৰিবলৈ বিচাৰিছা?”
কিন্তু আপুনি যদি তেনে কৰ্ম কৰি সাহসী আৰু শক্তিশালী হৈও যুদ্ধলৈ যায়, তথাপি ঈশ্বৰে হ’লে আপোনাক শত্রুবোৰৰ হাতত পেলাই দিব; কিয়নো সহায় কৰিবলৈ আৰু তলতীয়া কৰিবলৈ ঈশ্বৰৰ শক্তি আছে।”
সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে; কিন্তু দুষ্টলোক নিজৰ দুষ্টতাৰ দ্বাৰাই পতিত হয়।
চোৱা, মই কাৰিকৰ সৃষ্টি কৰিলোঁ, যি জনে জ্বলি থকা কয়লাত ফু মাৰে, ধাতুৰে অস্ত্ৰ-শস্ত্র গঢ়া তেওঁৰ কাম, সেই কমাৰক ময়েই সৃষ্টি কৰিলোঁ, আৰু মই ধ্বংস কৰিবলৈ ধ্বংসকাৰী সৃষ্টি কৰিলোঁ।
যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ আৰু কোনো বাক্য কয়, তেতিয়া মই, যিহোৱাই, সেই ভাববাদীজনক ভ্ৰান্ত কৰিম; আৰু মই তেওঁৰ বিৰুদ্ধে হাত মেলি, মোৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ মাজৰ পৰা তেওঁক বিনষ্ট কৰিম।