16 চোৱা, মই কাৰিকৰ সৃষ্টি কৰিলোঁ, যি জনে জ্বলি থকা কয়লাত ফু মাৰে, ধাতুৰে অস্ত্ৰ-শস্ত্র গঢ়া তেওঁৰ কাম, সেই কমাৰক ময়েই সৃষ্টি কৰিলোঁ, আৰু মই ধ্বংস কৰিবলৈ ধ্বংসকাৰী সৃষ্টি কৰিলোঁ।
অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে।
কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব? দণ্ডডাল ওপৰলৈ ডাঙি ধৰা সকলৰ দৰে জানো কাঠৰ দণ্ডডালে কোনো ব্যক্তিক ডাঙি ধৰিব পাৰিব।
বহুকালৰে পৰা মই তাক কেনেকৈ স্থিৰ কৰিলোঁ, আৰু প্ৰাচীন কালত মই তাক কেনেকৈ কাৰ্যকাৰী কৰিলোঁ, সেই বিষয়ে তুমি শুনা নাই নে? মই এতিয়া তাক বৈ যাব দিম। আপুনি দুর্ভেদ্য নগৰবোৰ হ্রাস কৰি উচ্ছন্ন ভগ্ন ৰাশি কৰিবলৈ ইয়াত আছে।
মই পূব দিশৰ পৰা এক হিংসুক চৰাইক, দূৰ দেশৰ পৰা মোৰ মনোনীত পুৰুষক মাতিম; হ’য় মই কলোঁ; মই তাক সিদ্ধ কৰিম; মোৰ উদ্দেশ্য আছে,মইয়ো কৰিম।
চোৱা, যদি কোনো এজন যন্ত্রণাৰে আলোড়িত কৰে, সেইয়া মোৰ পৰা নহয়; যি কোনোৱে তোমালোকক যন্ত্রণাৰে আলোড়িত কৰাৰ সৈতে তোমালোকক পৰাজিত কৰিব।
তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।
তাৰ পাছত যিহোৱাই মোক চাৰিজন শিল্পকাৰ দেখুৱালে।
তাৰ পাছত মই চকু তুলি চাই হাতত এডাল পৰিমান-জৰী লোৱা এজন পুৰুষক দেখিলোঁ।
আৰু দ্বিতীয় দূতজনে তেওঁক ক’লে, “তুমি বেগাই যোৱা আৰু সেই ডেকাক এই কথা কোৱা, ‘যিৰূচালেম গড় নোহোৱা গাওঁৰ নিচিনা বসতিস্থান হ’ব; যিৰূচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে।
যীচুৱে তেওঁক উত্তৰ দিলে, “ওপৰৰ পৰা ক্ষমতা নিদিয়া হ’লে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ’লহেঁতেন; এই কাৰণে, যি জনে তোমাৰ হাতত মোক শোধাই দিলে; তেওঁৰেই পাপ গুৰুতৰ।”
সেই সময়ত গোটেই ইস্ৰায়েল দেশত কোনো কমাৰ পোৱা নগৈছিল; কাৰণ পলেষ্টীয়াসকলে কয় “কমাৰ থাকিলে ইব্ৰীয়াসকলে নিজৰ কাৰণে তৰোৱাল বা যাঠি গঢ়াই লব।”