দ্বিতীয় মাহৰ বিভাগৰ দ্বায়ীত্বত অহোহীয়াৰ বংশৰ গোষ্ঠীৰ দোদয়া আছিল। মিক্লোত দ্ৱিতীয় পদবীত আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
2 চমূ 23:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ; দায়ূদৰ তিনিজন ক্ষমতাশালী পুৰুষসকলৰ মাজৰ এজন৷ যিজন যুদ্ধলৈ গোট খোৱা পলেষ্টীয়াসকলক ইতিকিং কৰিছিল আৰু যি সময়ত ইস্ৰায়েল লোকসকল যুদ্ধলৈ উঠি গৈছিল, সেই সময়ত দায়ূদৰ লগত আছিল৷ |
দ্বিতীয় মাহৰ বিভাগৰ দ্বায়ীত্বত অহোহীয়াৰ বংশৰ গোষ্ঠীৰ দোদয়া আছিল। মিক্লোত দ্ৱিতীয় পদবীত আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক প্ৰতিৰোধ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
মই অকলেই দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকিলোঁ, আৰু দেশৰ কোনো এজনো মোক সহযোগ নকৰিলে; মই মোৰ ক্ৰোধত সেইবোৰ গচকিলোঁ, আৰু খঙত সেইবোৰ গচকিলোঁ, মোৰ বস্ত্ৰত সেইবোৰৰ তেজৰ ছিটা লাগিল, আৰু মোৰ গোটেই সাজত দাগ লগালে।
মই দেখিলোঁ যে, সহায় কৰা কোনো এজন নাছিল, মই আচৰিত হৈছিলোঁ যে সহায় কৰা কোনো নাছিল; কিন্তু মোৰ নিজৰ বাহুৱে মোৰ বাবে পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু মোৰ অতি ক্ৰোধেই মোক উপকাৰ কৰিলে।
পলেষ্টীয়াজনে পুনৰ ক’লে, “আজি মই ইস্ৰায়েলৰ সৈন্যসকলক প্ৰত্যাহ্ৱান জনাইছোঁ, তহঁতে মোক এজন মানুহ দে, যাতে আমি দুয়ো একেলগে যুদ্ধ কৰোঁ।”
তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই পলেষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নৎ ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”
আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ পলেষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”