2 চমূ 22:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল। |
তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ; পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধুঁৱা ওলাব।
তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।
তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্চ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
সেয়ে লোকসকল দূৰত থিয় হৈ আছিল; কিন্তু মোচিয়ে যি ঠাইত ঈশ্বৰ আছিল, সেই ঘোৰ অন্ধকাৰৰ ফালে গতি কৰিলে।
যিসকলৰ ওপৰত তুমি কেতিয়াও ৰাজত্ব কৰা নাই, আৰু যিসকল তোমাৰ নামেৰে প্ৰখ্যাত হোৱা নাই, আমি এনে লোকসকলৰ দৰে হলোঁ।
যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।
সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।