অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




2 চমূ 1:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”

অধ্যায়টো চাওক



2 চমূ 1:16
24 পৰস্পৰ সংযোগসমূহ  

তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”


তই যাৰ পদত ৰজা হ’লি, সেই চৌলৰ বংশৰ সকলো ৰক্তপাতৰ প্ৰতিফল যিহোৱাই তোক দিছে৷ যিহোৱাই তোৰ পুতেক অবচালোমৰ হাতত ৰাজ্য সমৰ্পণ কৰিলে৷ চা, তই নিজেই ধ্বংস হ’লি, কিয়নো তই ৰক্তপাতি মানুহ।”


কিয়নো তুমি যিদিনা বাহিৰ হৈ কিদ্ৰোণ জুৰি পাৰ হ’বা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, সেই বিষয়ে জানিবা; তেতিয়া তোমাৰ ৰক্তপাতৰ দোষ তোমাৰেই মূৰত থাকিব।”


তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে।


তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।


সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ’লে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব! সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য কৰিলে; তাৰ অৱশ্যে মৃত্যু হ’ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব।


যদি কোনো এজন লোকে তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ’ল, তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব; কিন্তু যদি তেওঁ সতৰ্ক হয়, তেনেহ’লে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব।


যদি কোনো মহিলাই সংসৰ্গ কৰিবলৈ পশুৰ ওচৰলৈ যায়, তেন্তে তুমি সেই মহিলাক আৰু পশুক বধ কৰিবা। তেওঁলোকৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।


যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণী হ’ব, তেওঁৰ প্ৰাণদণ্ড হ’ব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হব; লোকসকলে তেওঁলোকক শিল দলিয়াই বধ কৰিব; তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব’।”


কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক শাও দিব, তাৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। পিতৃ-মাতৃক শাও দিয়াৰ বাবে সেই ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ গাতে থাকিব।


তাতে সকলোৱে উত্তৰ দি ক’লে, ‘তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক’।


ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ-বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিলি;


যেতিয়া ইহুদী সকলে পৌলৰ বিৰুদ্ধাচৰণ কৰি তেওঁক অপমান কৰিবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকৰ ফালে নিজৰ কাপোৰ জোকাৰি ক’লে, “আপোনালোকৰ তেজৰ দায় আপোনালোকৰ মূৰৰ ওপৰতে থাকক; মই নিৰ্দোষী। এতিয়াৰ পৰা মই অনা-ইহুদী সকলৰ ওচৰলৈ যাওঁ।”


এই হেতুকে মই যে আটাইৰে তেজৰ পৰা নিৰ্দোষী, ইয়াৰ সাক্ষ্য আজি দিছোঁ;


আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷


আপোনালোকে এইদৰে কার্য কৰিব, যাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে আপোনালোকক যি দেশ দিব সেই দেশৰ মাজত নিৰ্দ্দোষীলোকৰ ৰক্তপাত নহ’ব আৰু নির্দোষী লোকৰ ৰক্তপাতৰ দোষত আপোনালোকো দোষী নহ’ব।


তেতিয়া যি কোনোৱে তোমাৰ ঘৰৰ দুৱাৰৰ পৰা বাটলৈ ওলাব, তাৰ ৰক্তপাতৰ দোষ তাৰ মূৰৰ ওপৰতে পৰিব আৰু আমি নিৰ্দ্দোষী হ’ম; কিন্তু যি কোনোৱে তোমাৰ লগত ঘৰত থাকিব, তাৰ ওপৰত যদি কোনোৱে হাত দিয়ে, তেন্তে সেই ৰক্তপাতৰ দোষ আমাৰ মূৰৰ ওপৰত পৰিব।


ঈশ্বৰে এই কার্য কৰিলে যাতে যিৰুব্বালৰ সত্তৰজন পুত্রলৈ ৰক্তপাতৰ যি অন্যায় কৰা হ’ল, তাৰ দ্বাৰা তেওঁলোকৰ ভায়েক অবীমেলকৰ ওপৰত আৰু তেওঁলোকক বধ কৰা কার্যত তেওঁৰ আৰু তেওঁৰ সহায়কাৰী চিখিমৰ লোকসকলৰ ওপৰত প্রতিশোধ লোৱা হয়।


দায়ূদে নাবলৰ মৃত্যুৰ কথা শুনি ক’লে, “যিহোৱা ধন্য; নাবলৰ পৰা পোৱা অপমানৰ বিষয়ে মোৰ গোচৰ তেওঁ নিষ্পতি কৰিলে, আৰু নিজ দাসক কুকাৰ্যৰ পৰা ৰক্ষা কৰিলে; আৰু নাবলৰ যি দুষ্কৰ্ম, তাৰ প্ৰতিফল যিহোৱাই তাৰ মূৰত দিলে।” তাৰ পাছত দায়ূদে অবীগলক নিজৰ ভাৰ্যা কৰিবৰ বাবে তেওঁক আনিবলৈ মানুহ পঠালে।


দায়ূদে অবীচয়ক ক’লে, “তেওঁক বিনষ্ট নকৰিবা; কাৰণ যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙি কোনো নিৰপৰাধী হৈ থাকিব নোৱাৰে?”